কেপ- কেয়াৰ ফাইণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ উদ্যোগত ‘হোচপিচ এণ্ড পেলিয়েটিভ কেয়াৰ দিৱস‘ পালন

কেপ- কেয়াৰ ফাইণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ উদ্যোগত ‘হোচপিচ এণ্ড পেলিয়েটিভ কেয়াৰ দিৱস‘ পালন

author-image
Asomiya Pratidin
New Update
কেপ- কেয়াৰ ফাইণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ উদ্যোগত ‘হোচপিচ এণ্ড পেলিয়েটিভ কেয়াৰ দিৱস‘ পালন

ডিজিটেল ডেস্ক : কেপ- কেয়াৰ ফাউণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ পেইন এণ্ড পেলিয়েটিভ বিভাগৰ উদ্যোগত দেওবাৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ‘ৱৰ্ল্ড হোচপিচ এণ্ড পেলিয়েটিভ কেয়াৰ দিৱস‘ পালন কৰা হয়। এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে প্ৰতিষ্ঠানৰ সঞ্চালিকা ডা০ স্মৃতি গোস্বামীয়ে।

Advertisment

অধ্যক্ষ ডা০ দেৱজিৎ চৌধুৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে। উক্ত অনুষ্ঠানত ডিব্ৰুগড় কৰ্কট প্ৰতিষ্ঠানৰ পেলিয়েটিভ বিভাগৰ অধ্যক্ষা ডা০ তনমা মহন্তলৈ কেপ-কেয়াৰ ফাউণ্ডেচনৰ তৰফৰ পৰা এই বৰ্ষৰ ‘পেলিয়েটিভ যোদ্ধা’ৰ সন্মান জনোৱা হয়।

উক্ত অনুষ্ঠানতে কেপ-কেয়াৰ ফাউণ্ডেচনৰ অধ্যক্ষ তথা পেলিয়েটিভ বিভাগৰ মুৰব্বী ডা০ অৰুণ ডেকাক দীপশিখা ফাউণ্ডেচনৰ তৰফৰ পৰা পেলিয়েটিভ এক্সিলেন্সি এৱাৰ্ডেৰে সন্মানিত কৰা হয়। প্ৰায় ষাঠিগৰাকী অভ্যাগত উপস্থিত থকা এই অনুষ্ঠানত এডভান্স মেডিকেল ডাইৰেকটিভ সন্দৰ্ভত বক্তব্য আগবঢ়াই ডা০ অৰুণ ডেকাই।  

Also Read: ৰাজ্যত পুনৰ নিযুক্তি সমাৰোহ : ৩৮৫ টা পদৰ বাবে নিযুক্তি প্ৰদান

Hospice and Palliative Care Day State Cancer Institute