ৰাজ্যত পুনৰ নিযুক্তি সমাৰোহ : ৩৮৫ টা পদৰ বাবে নিযুক্তি প্ৰদান

ৰাজ্যত পুনৰ নিযুক্তি সমাৰোহ : ৩৮৫ টা পদৰ বাবে নিযুক্তি প্ৰদান

author-image
Asomiya Pratidin
New Update
ৰাজ্যত পুনৰ নিযুক্তি সমাৰোহ : ৩৮৫ টা পদৰ বাবে নিযুক্তি প্ৰদান

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ অনুষ্ঠিত হৈছে নিযুক্তি সমাৰোহ। এই সমাৰোহত সোমবাৰে ৩৮৫ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগৰ বিভিন্ন পদত নিযুক্তি প্ৰদান কৰে।

Advertisment

এই অনুসৰি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নিযুক্তি সমাৰোহৰ অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকি প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে আজিৰ এই নিযুক্তি সমাৰোহত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু শিক্ষা বিভাগৰ বিভিন্ন পদত এই নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য বিভাগৰ ১০১গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

আজিৰ এই নিযুক্তি সমাৰোহ অনুষ্ঠানত মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু আন আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Also Read: ধুবুৰীৰ বেলতলীত ভাষা শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস পালন

Recruitment himanta biswa sarma