অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...

অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...

ডিজিটেল ডেস্কঃ সকলোধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদে। অসমৰ এইগৰাকী সফল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে মুঠ ৭ বাৰকৈ ভাৰতীয় জুনিয়ৰ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ লৈছিল।

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ সময়ত এইদৰেই শচীন তেণ্ডুলকাৰৰ লগত আবুৱে পাৰ কৰিছিল অন্তৰংগ সময়।
মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলাৰ সময়ত এইদৰেই শচীন তেণ্ডুলকাৰৰ লগত আবুৱে পাৰ কৰিছিল অন্তৰংগ সময়।

আই পি এলত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে আবু নেছিমে মুঠ ৭ বাৰ মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল। মুম্বাই ইণ্ডিয়ানছৰ খেলাৰ সময়ত আবুৱে ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডেলুকাৰৰ দৰে খেলুৱৈৰ লগত ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছিল।

আৰ চি বিৰ হৈ খেলাৰ সময়ত আবু
আৰ চি বিৰ হৈ খেলাৰ সময়ত আবু

আনহাতে ঘৰুৱা ক্ৰিকেটত বিজয় হাজাৰে, মুষ্টাক আলী আৰু ৰঞ্জী ক্ৰিকেটত আবুৱে সৰ্বমুঠ ১৯৫ খন মেচ খেলিছিল। এই সময়ছোৱাত তেওঁ অৰ্জন কৰিছে মুঠ ৩০১ টা উইকেট।

মাত্ৰ ১৭ বছৰ বয়সতে অসমৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আত্মপ্ৰকাশ কৰা আবুৱে ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত অনুৰ্ধ-১৯ বিশ্বকাপৰ ছেমি ফাইনেলত নিজৰ বলিং দক্ষতাৰে বিপক্ষৰ ইংলেণ্ডে দলটোৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। গুৰুত্বপূৰ্ণ মেচখনত আবুৰ মাত্ৰ ১৪ ৰাণ ব্যয় কৰি লাভ কৰিছিল ৪ টা উইকেট।

বিৰাট কোহলিৰ সৈতে আবু নেছিম আহমেদ
বিৰাট কোহলিৰ সৈতে আবু নেছিম আহমেদ

ভাৰতীয় এ দলৰ লগতে টি-২০ ত আবুৱে আত্মপ্ৰকাশ কৰিছিল ২০০৭ চনত। আই পি এলত আবুৱে প্ৰথমে কলকাতা টাইগাৰ্ছ, ৰয়েল বেংগল টাইগাৰ্ছ আৰু ইণ্ডিয়া ক্ৰিকেট ইলেভেনক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পিছত ২০১৪ ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে চুক্তি বদ্ধ হৈছিল আবু। ২০১০ চনৰ পৰা চাৰিটা ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল এইগৰাকী অসম সন্তানে।

বিৰাট কোহলি, ৰবীন্দ্ৰ জেদেজাৰ সৈতে ভাৰতৰ হৈ অনুৰ্ধ্বৰ-১৯ ক্ৰিকেট খেলিছিল আবুৱে
বিৰাট কোহলি, ৰবীন্দ্ৰ জেদেজাৰ সৈতে ভাৰতৰ হৈ অনুৰ্ধ্বৰ-১৯ ক্ৰিকেট খেলিছিল আবুৱে

আজি অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ হাতত অৱসৰ গ্ৰহণৰ পত্ৰ তুলি দিয়ে। অৱসৰ সময়ত আবুৱে অসমীয়া প্ৰতিদিন ডিজিটেলৰ আগত ক'লে আগন্তুক সময়ত অসমৰ ক্ৰিকেটৰ হৈ কাম কৰি যোৱাৰ ইচ্ছাৰ কথা।

তেওঁ মালিগাঁৱত থকা নিজৰ ক্ৰিকেট একাডেমী এ এন এ ক্ৰিকেট একাডেমীৰ পৰা আগন্তুক সময়ত বহু কেইগৰাকী প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। অসম ক্ৰিকেট সন্থা, বি চি চি আই অথবা আই পি এলৰ সৈতেও আগন্তুক সময়ত জড়িত হৈ থকাৰ ইচ্ছা আবুৰ।

মুম্বাই ইণ্ডিয়ানছৰ হৈ  আই পি এল জয় কৰাৰ সময়ৰ দৃশ্য
মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল জয় কৰাৰ সময়ৰ দৃশ্য

প্ৰশিক্ষকৰ পৰিৱৰ্তে আবুৱে আগ্ৰহ কৰিছে এগৰাকী ভাল ক্ৰিকেট প্ৰশাসক হোৱাৰ। তেওঁৰ বিশ্বাস আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই তেওঁক অসম ক্ৰিকেটৰ সৈতে জড়িত কৰি ৰাখিব। তেওঁৰ ওপৰত অৰ্পণ কৰিব বিশেষ দায়িত্ব।

অসম ক্ৰিকেটৰ বৰ্তমানৰ সভাপতি তৰংগ গগৈক প্ৰশংসা কৰি আবুৱে, আগন্তুক সময়ত অসম ক্ৰিকেটৰ এপেক্স কাউঞ্চিলত নিজেও অন্তুৰ্ভুক্ত হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ইফালে অসম ক্ৰিকেটক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি বৰ্তমানে বি চি চি আইৰ যুটীয়া সম্পাদক হিচাপে দায়িত্ব পালন কৰি থকা দেৱজিত শইকীয়াৰ পৰাও আবু নেছিম আহমেদ যথেষ্ট আশাবাদী।

 এ বি ডিভিলিয়াৰ্ছৰ সৈতে আবু নেছিম আহমেদ। আৰ চি বিৰ হৈ একেলগে খেলিছিল আই পি এল।
এ বি ডিভিলিয়াৰ্ছৰ সৈতে আবু নেছিম আহমেদ। আৰ চি বিৰ হৈ একেলগে খেলিছিল আই পি এল।

বি চি চি আই অথবা আই পি এলৰ সৈতে আগন্তুক সময়ত দেৱজিত শইকীয়াই তেওঁক দায়িত্ব প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰিছে। অৱশ্যে সুদক্ষ ক্ৰিকেটাৰ আবুৱে আগন্তুক সময়ত ক্ৰিকেট প্ৰশাসক হিচাপে অসমৰ ক্ৰিকেটক আৰু অধিক আগুৱাই নিব পাৰিব বুলি আশাবাদী সকলো। এতিয়া সময়েহে ক'ব অসম ক্ৰিকেট সন্থাই তেওঁক কি দায়িত্ব প্ৰদান কৰে।

অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...
অসমত বাল্য বিবাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in