নতুন বছৰটোৰ আৰম্ভণিতে গুৱাহাটীবাসীক ২০০ খন ইলেকট্ৰিক বাছ উপহাৰ ৰাজ্য চৰকাৰৰ...

নতুন বছৰটোৰ আৰম্ভণিতে গুৱাহাটীবাসীক ২০০ খন ইলেকট্ৰিক বাছ উপহাৰ ৰাজ্য চৰকাৰৰ...

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিৰ দিনটোৰ পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুকলি কৰিলে ২০০ খন ইলেকট্ৰিক বাছ। সেউজীয়া ৰঙৰ এই বাছসমূহ আজিৰে পৰা গুৱাহাটীৰ মুঠ ১৩ টা পথত চলাচল কৰিব।

আজিৰে পৰা গুৱাহাটী মহানগৰীত যাত্ৰীসকলে এই বাছৰ সেৱা গ্ৰহণ কৰিব পাৰিব। সেউজীয়া ৰঙৰ এই ইলেকট্ৰিক বাছসমূহৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে ডিজেল চালিত বাছসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব পৰিবহন বিভাগে। গুৱাহাটীৰ বায়ু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে ইলেকট্ৰিক বাছসমূহ মুকলি কৰাৰ সমান্তৰালকৈ চাৰ্জিং ষ্টেচনসমূহো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। নতুনকৈ আৰম্ভ হোৱা এই বাছসেৱা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব।

এই বাছসমূহ মুকলিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০২৩ বৰ্ষটো ১০০ খন চি এন জি বাছ উপহাৰ দি নতুন বছৰটো আৰম্ভ কৰিছিলো। একেটা পৰম্পৰাকে অব্যাহত ৰাখি এইবছৰ আমি ২০০ খন ইলকট্ৰিক বাছ গুৱাহাটীবাসীক উপহাৰ দি নতুন বছৰ আৰম্ভ কৰিব বিচাৰিছো।

তেওঁ কয়, 'সমগ্ৰ পৃথিৱীয়ে আজি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱেই হৈছে জলবায়ু পৰিৱৰ্তন। আমি নতুন বছৰৰ প্ৰথম দিনটোত আৰম্ভ কৰা এই ব্যৱস্থাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰ যি দায়বদ্ধতা তাকেই প্ৰমাণ কৰিছে'।

'আমি ২০২১ চনৰ ২০ আগষ্ট তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৱাহাটীত ১০০ খন চি এন জি বাছ আৰু ২০০ খন ইলেকট্ৰিক বাছ প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো। এই ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজি যোগান ধৰাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক অনুৰোধ জনাইছিলো। এই বাছ সেৱা পৰিচালনা কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমক দায়িত্ব প্ৰদান কৰিছিলোঁ।'- মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় এইদৰে।

লগতে তেওঁ আজি মুকলি কৰা ২০০ খন ইলেকট্ৰিক বাছৰ ১০০ খন হাই ৰেঞ্জৰ আৰু ১০০ ল' ৰেঞ্জৰ বুলি অৱগত কৰি কয়, এই ব্যৱস্থাৰ মাধ্যমেৰে গুৱাহাটী মহানগৰ ভিতৰৰ লগতে গুৱাহাটী মহানগৰৰ উপকণ্ঠ অঞ্চলটোকো সামৰি লোৱাৰ বাবে প্ৰয়োজনী এটা হাইব্ৰিড পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। পৌৰ নিগম এলেকাৰ উপৰিও চন্দ্ৰপুৰ, ধাৰাপুৰ, মিৰ্জা, এইমছ গুৱাহাটী, শুৱালকুছি, বাইহাটা আৰু জাগীৰোডক এই বাছ সেৱাৰ ব্যৱস্থাই সামৰি ল'ব।

এই সেৱাৰ বাবে ৰাজ্য চৰকাৰে ২৬১ কোটি টকা ব্যয় কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে। ইফালে এই ইলেকট্ৰিক বাছসমূহৰ চাৰ্জ কৰিবৰ বাবে গুৱাহাটীৰ ৰূপনগৰ, আই এছ বি টি, বেটকুছি, মিৰ্জা, বাইহাটা, জাগীৰোডত চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছে। ইয়াৰে কেইবাটাও ইতিমধ্যে এক্টিভ হৈছে।

ইফালে এই বাছসমূহত যাত্ৰীৰ সুৰক্ষাৰ বাবে চি চি টিভি ব্যৱস্থা কৰা হৈছে। মূলতঃ মহিলাৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্য়ৱস্থা কৰা হৈছে। আনহাতে ট্ৰেফিক কণ্ট্ৰলৰ বাবে জি পি এছ ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে।

এই বাছসমূহ যাত্ৰীসকলে নূন্যতম ১০ টকা ভাড়া আদায় দিব লাগিব। পৰৱৰ্তী সময়ত আৰু ২০০ খন ইলেকট্ৰিক বাছ সেৱা পৱৰ্তন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই অনুষ্ঠানত অৱগত কৰিছে।

তেওঁ কয়, ৫০০ খন এনে বাছ চলাচল আৰম্ভ হোৱাৰ লগে লগে ডিজেল চালিত বাছ সেৱা বন্ধ কৰা হ'ব। ২০২৫ ৰ ভিতৰত গুৱাহাটীৰ পাব্লিক ট্ৰাঞ্চপৰ্ট ইলেকট্ৰিক বাহনলৈ ৰূপান্তৰৰ সিদ্ধান্ত লোৱা হৈছে। ইলেকট্ৰনিক ভিহেকল পলিচীৰ জৰিয়তে সহায় অটো, উবেৰ আদি চালকসকলক আমি সহায় কৰিবলৈ বিচাৰিম। যাতে তেওঁলোকে তেওঁলোকৰ বাহনসমূহ ইলেকট্ৰিক বাহনলৈ পৰিৱৰ্তন কৰিব পাৰে।

এই ইলেকট্ৰিক বাছ মুকলি অনুষ্ঠানত অসম চৰকাৰৰ আটাইকেইজন মন্ত্ৰী উপস্থিত থকাৰ লগতে অসম চৰকাৰ শীৰ্ষ বিষয়া, পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।

নতুন বছৰটোৰ আৰম্ভণিতে গুৱাহাটীবাসীক ২০০ খন ইলেকট্ৰিক বাছ উপহাৰ ৰাজ্য চৰকাৰৰ...
ৰাম মন্দিৰৰ গৰ্ভগৃহৰ বাবে মূৰ্তি চূড়ান্তঃ হাতত ধনু, কাড় লৈ থিয় হৈ থাকিব ৫১ ইঞ্চি উচ্চতাৰ ৰাম লালাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in