/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/dcd135af-9bde-4295-a15c-c3a849caf84f/ram_mandir_1.jpg)
ৰাম মন্দিৰৰ গৰ্ভগৃহৰ বাবে মূৰ্তি চূড়ান্তঃ হাতত ধনু, কাড় লৈ থিয় হৈ থাকিব ৫১ ইঞ্চি উচ্চতাৰ ৰাম লালাই...
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামৰ কেনেকুৱা মূৰ্তি স্থাপন হ'ব সেই বিষয়ে সিদ্ধান্ত ল'বলৈ কিছুদিন আগতে ভোটিং ব্যৱস্থা কৰিছিল শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। তিনিটা মূৰ্তিক লৈ হোৱা সেই ভোটিং ব্যৱস্থাৰে এটি মূৰ্তি নিৰ্বাচিত কৰা হৈছে যদিও এতিয়ালৈকে প্ৰধান আসনত কোনটো মূৰ্তি স্থাপন কৰা হ'ব তাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3b0c02aa-2376-4a7d-bc3b-cc610dfaa8f0/up_ayo_01_pratima_ka_chayan_dry_7211953_31122023230920_3112f_1704044360_255.jpg)
অৱশ্যে সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ৰাম মন্দিৰৰ গৰ্ভগৃহৰ মূল মূৰ্তি হ'ব ৰামৰ বাল্যমূৰ্তি। নিৰ্বাচিত এই মূৰ্তিটোত ৰামৰ ৫ বছৰ বয়সৰ ৰূপ ফুটি উঠিছে। এই মূৰ্তিত আছে ৰাম লালাৰ হাতত ধনু, কাড়।
মূৰ্তিটোৰ উচ্চতা ৫১ ইঞ্চি। তুলসী দাসৰ দ্বাৰা ৰচিত ৰামচৰিত মানস আৰু মহৰ্ষি বাল্মীকিৰ ৰামায়ণ মহাকাব্যত ৰামৰ যি ৰূপ বৰ্ণনা কৰা হৈছে হুবহু সেই আঁকাৰতে এই মূৰ্তি গঢ়ি তোলা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/06fe3ebb-ea88-4306-9a7a-8e08241ff278/up_ayo_01_pratima_ka_chayan_dry_7211953_31122023230920_3112f_1704044360_175.jpg)
মন্দিৰৰ গৰ্ভগৃহত এই মূৰ্তি স্থাপনৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। মূৰ্তি স্থাপন হোৱাৰ পাছত ৰাম লালাৰ কপালত পৰি থাকিব সূৰ্যৰ পোহৰ। দাপোনৰ প্ৰতিফলনৰ জৰিয়তে এই ব্যৱস্থা কৰা হৈছে।
ইয়াৰ লগত জড়িত এজন কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি সূৰ্যৰ পোহৰ দাপোনৰ প্ৰতিফলনৰ জৰিয়তে পাইপৰ মাধ্যমেৰে ৰাম লালাৰ কপালত পেলোৱাৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f9422470-fc29-4ff8-a9b4-2d76d78d4de8/up_ayo_01_pratima_ka_chayan_dry_7211953_31122023230920_3112f_1704044360_433.jpg)
ইফালে যি তিনিটা মূৰ্তিক লৈ ভোটিং ব্যৱস্থা কৰা হৈছিল সেই তিনিওটা মূৰ্তিৰ ভিতৰত মূল স্থানত থাকিব লগীয়া মূৰ্তিৰ উপৰিও আন দুয়োটা মূৰ্তিও মন্দিৰৰ আন স্থানত প্ৰতিষ্ঠা কৰা হ'ব। এই তিনিওটা মূৰ্তি এনেদৰে স্থাপন কৰা হৈছে যে, আগন্তুক ১০০০ বছৰলৈ কোনো ক্ষতি নহয়। অহা ২২ জানুৱাৰীত এই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব।
Also Read: নৱৰ্বষৰ পহিলা দিনটোত লোকে লোকাৰণ্য টেঙাপানী বনভোজস্থলী...