/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c1464b53-a713-44f9-a2f3-33fa16f3f2fd/HIMANTA_2.jpg)
একেদিনাই ১ কোটি গছপুলি ৰোপণৰ লক্ষ্যঃ ২ টাকৈ পৰ্টেল মুকলি...
ডিজিটেল ডেস্কঃ পুনৰ এক অভিলেখৰ বাবে সাজু হৈছে অসম চৰকাৰ। এইবাৰ একেদিনাই অসম চৰকাৰে ৰোপণ কৰিব ১ কোটি গছ পুলি। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰিয়েই এই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ বাবে আজি দুটাকৈ ৱেব পৰ্টেল মুকলি কৰা হৈছে।
বন আৰু পৰিৱেশ বিভাগৰ সহযোগত অহা ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ’ব এই গছপুলিসমূহ। এই গছপুলি ৰোপণৰ কাৰ্যসূচীক অমৃত বৃক্ষ আন্দোলন হিচাপে আখ্যা দিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এই উদ্দেশ্যৰে মুকলি কৰা পৰ্টেল দুটা হৈছে অমৃত বৃক্ষ আন্দোলন আৰু ডব্লিউ বি আই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি অমৃত বৃক্ষ আন্দোলনৰ অভিযানত অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, চাহ বাগিচাৰ কৰ্মচাৰী, শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থাৰ সদস্যসকলৰ লগতে ব্যক্তিগত ভাৱেও সৰ্বসাধাৰণে অংশগ্ৰহণ কৰিব পাৰিব।
১৭ ছেপ্টেম্বৰ দিনটোত গছপুলি ৰোপণ কৰি সকলোৱে অমৃত বৃক্ষ আন্দোলন পৰ্টেলত আপলোড কৰিব লাগিব। ইয়াৰ পাছতে অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিজন লোকক প্ৰথমে ১০০ টকাকৈ আগবঢ়াব।৩ বছৰৰ পিছত নিজেই ৰোৱা গছপুলিৰ প্ৰতিপালনৰ বাবদ ২০০ টকাকৈ লাভ কৰিব।
আনহাতে কাঠৰ উদ্যোগক সম্প্ৰসাৰিত কৰাৰ বাবে ডব্লিউ বি আই (WBI) পৰ্টেল মুকলি কৰা হৈছে । উদ্যোগীসকলে এই পৰ্টেলৰ জৰিয়তে কাঠৰ উদ্যোগ তথা ব্যৱসায়ৰ সবিশেষ পঞ্জীয়ন কৰিব পাৰিব।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, এই পদক্ষেপৰ জৰিয়তে বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণত গুৰুত্ব প্ৰদান কৰা হৈছে। অসমত বৃক্ষ অৰ্থনীতি গঢ়ি তোলাৰ লগতে কৃষি বনানীকৰণৰ উদ্দেশ্যৰে এই আন্দোলন আৰম্ভ কৰা হৈছে। সকলোকে ৰোপণ কৰিবলগীয়া গছপুলিসমূহ বন বিভাগে যোগান ধৰিব।
ইয়াৰোপৰি তেওঁ কয়, ২০২৪ ত ৩ কোটি আৰু ২০২৫ ত ৫ কোটি গছপুলি ৰোপণপ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। ইফালে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি এটি ভিডিঅ' গীতো প্ৰস্তুত কৰি তোলা হৈছে। ৰাজ্যৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত কণ্ঠশিল্পী, অভিনেতা, অভিনেত্ৰীক দেখা গৈছে এই গীতটোত।
অমৃত বৃক্ষ আন্দোলন 🌱
প্ৰকৃতি সুৰক্ষা আৰু ১ কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণৰ দ্বাৰা ৰাজ্যৰ বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে আমাৰ একান্ত প্ৰচেষ্টা
Presenting the theme song of Amrit Brikshya Andolan, 2023. pic.twitter.com/PDOC9uJJae— Himanta Biswa Sarma (@himantabiswa) August 2, 2023
অসমৰ সেউজ আৱৰণ প্ৰসাৰণ তথা বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণ বাবে চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰ তাৰিখে ৰাজ্যখনত এক কোটি ব্যৱসায়যোগ্য গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ এক বৃহৎ পদক্ষেপ। আজি জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক অনুষ্ঠানত অংশ লৈ এই বৃহৎ বৃক্ষৰোপণ… pic.twitter.com/yGOCGI3Qr0
— Chief Minister Assam (@CMOfficeAssam) August 2, 2023
Also Read: ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ বাবে ঘোষিত অসম দলত যোৰহাটৰ ১৩ খেলুৱৈ...