/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr.jpg)
ডিজিটেল ডেস্ক : পঞ্চায়ত ভোটৰ সময়তে কোচবিহাৰত হিংসাত্মক ঘটনা। ৰামপুৰত টি এম চিৰ এগৰাকী পঞ্চায়ত প্রতিনিধিক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনকেন্দ্রিক হিংসাত বিজেপিৰ কৰ্মীয়ে টি এম চিৰ প্রতিনিধিগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
নিহত টি এম চিৰ কৰ্মীজনৰ নাম গণেশ সৰকাৰ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। এই ঘটনাই এতিয়া ৰামপুৰ অঞ্চলত সৃষ্টি কৰিছে ব্যাপত প্ৰতিক্ৰিয়াৰ। ৰাজনীতিৰ নামত সংঘটিত হোৱা এনে হিংসাত্মক ঘটনাই ৰাজ্যখনৰ ৰাজনীতিত বিৰূপ প্ৰভাৱ পেলাব।