সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

author-image
Asomiya Pratidin
New Update
সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

ডিজিটেল সংবাদ কলিয়াবৰঃ কলিয়াবৰৰ অন্যতম সাহিত্য সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান 'মঞ্চ'ৰ সৌজন্যত কালি দিনজোৰাকৈ হাটবৰত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাখনি শনিবাৰে নিশা সফল সামৰণি পৰে। প্ৰতিযোগিতাথলীত উপস্থিত থাকি বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।

Advertisment

এই অনুষ্ঠানটোতে 'মঞ্চ'লৈ মন্ত্ৰী মহন্তই পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ক শাখাৰ ১ম ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই, কাজিৰঙাৰ ভিটালী গগৈ আৰু গুৱাহাটীৰ পাণ্ডুৰ দেৱস্মিতা কাশ্যপে ।

বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুৱলী বৰঠাকুৰ, শিৱসাগৰৰ ৰণ কোঁৱৰ আৰু সৰুভগীয়াৰ সংগীতা বৰাই।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে নগাঁৱৰ আয়ুশ্ৰী দাস, উত্তৰ লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু নগাঁও চকলাঘাটৰ কৃষ্টিকণ্যা শইকীয়াই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে ৰাজকুমাৰী ফাল্গুনী, কলিয়াবৰৰ হাতীবন্ধাৰ অক্ষা তিমচিনা আৰু নগাঁও চামগুৰিৰ উন্মনা হাজৰিকাই।

পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ক শাখাত ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে বিশ্বনাথ চাৰিআলিৰ কুঁৱলী বৰঠাকুৰ, বোকাখাতৰ ত্ৰিদিষ্ণা বৰা আৰু গুৱাহাটী পাণ্ডুৰ দেৱস্মিতা কাশ্যপে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে শ্ৰদ্ধা বৰগোহাঁই, কলিয়াবৰৰ অনিমেষ শইকীয়া আৰু শাকমুঠীয়া চাহ বগিচাৰ আৰমিনা ভ'ই।

পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাত খ শাখাৰ ১ম ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী, কামপুৰৰ আয্যা বৰগোহাঁই আৰু বৰাগাওঁ গুৱাহাটীৰ প্ৰিয়াঞ্চী বৰ্মনে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আয়ুশ্ৰী দাস, গোৱালপাৰাৰ তানিষ্ঠা গৌতম আৰু জখলাবন্ধাৰ ৰিজা মিৰ্দ্ধাই।

বঁটা প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উপৰিও বিশিষ্ট সমাজকৰ্মী তথা বি জে পি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকি বঁটা প্ৰদান কৰে। বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী, বিশিষ্ট সংগীত শিল্পী তথা সাংবাদিক গৌতম শৰ্মা আৰু কন্ঠ শিল্পী বিবলি ভাগৱতীয়ে।

বিপুল হাজৰিকা আৰু প্ৰিয়ংকা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। পুৱা স্থানীয় শিল্পীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে কলিয়াবৰ নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপে।

আৰম্ভণিতে সুধাকণ্ঠ আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

Also Read: বৃহৎ পৰিমাণৰ অস্ত্ৰসহ ৮ অপহৰণকাৰীক গ্ৰেপ্তাৰঃ উদ্ধাৰ অপহৃত...

কলিয়াবৰ