/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/40e2f359-3014-4c07-9a47-305e84974b20/AP_FOR_WEB__342.jpg)
ডিজিটেল ডেস্ক : নিষ্ঠা, একাগ্ৰতা, কঠোৰ অধ্যাৱসায়ে কাকোৱে নিৰাশ নকৰে। অৱশ্যে এইসমূহৰ উপৰিও লাগে ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ। কঠোৰ অধ্যয়নৰ ফল লাভ কৰিলে গুৱাহাটীৰ চানমাৰিস্থিত অসমীয়া প্ৰতিদিন কাৰ্যালয়ৰ সমীপৱৰ্তী পি ডব্লি অ' আবাস চৌহদৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ নাম দেৱীস্মিতা ভূঞা।
সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দেৱীস্মিতাই সুখ্যাতিৰে উতীৰ্ণ হৈ অঞ্চলটো লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই পৰীক্ষাত তেওঁ ১৪৯ সংখ্যক স্থান লাভ কৰি 'সহকাৰী গাণনিক বিষয়া' পদত ৰাজপত্ৰিত বিষয়া হিচাপে বাচনিভুক্ত হয়।
ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, উক্ত পৰীক্ষাৰ বাবে তেওঁ দৈনিক ১০ ঘণ্টাকৈ পঢ়া-শুনা কৰিছিল। তেওঁ এইক্ষেত্ৰত মহানগৰীৰ এটি আগশাৰীৰ প্ৰতিষ্ঠানত ক'চিং কৰাৰ কথা উল্লেখ কৰে। প্ৰথমটো পদক্ষেপতে কৃতকাৰ্যতা লাভ কৰি সুখী ছাত্ৰীগৰাকী। অৱশ্যে আগলৈ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা পুহি ৰখাৰ কথা ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f385daa2-a073-4c23-bf6b-51d828fa26a7/166ea13b_13f3_4c6b_8cfe_c49c76fd56d9.jpg)
অনাগত দিনত তেওঁ সমাজৰ বাবে বিভিন্ন কল্যাণমূলক তথা সামাজিক কাম-কাজত সহায় কৰাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে। তেওঁৰ এই সফলতাত মাতৃ ৰিঞ্জুমণি হাজৰিকাৰ লগতে পৰিয়ালৰ আন সদস্যৰ আছে অন্যতম ভূমিকা।
উল্লেখ্য যে তেওঁ স্কুলীয়া শিক্ষা হ'লি চাইল্ড আৰু গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ছাত্ৰীগৰাকীৰ এই সফলতাত স্বাভাৱিকতে অঞ্চলবাসী গৌৰৱান্বিত হয়।
Also Read: গোভাৰজাৰ ভোজভাতৰে আৰম্ভ হ'ল
জোনবিল মেলা