গোভাৰজাৰ ভোজভাতৰে আৰম্ভ হ'ল জোনবিল মেলা

শুক্ৰবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব লগা পাহাৰ- ভৈয়ামৰ সম্প্ৰীতিৰ বিনিময় প্ৰথা মুকলি কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে
গোভাৰজাৰ ভোজভাতৰে আৰম্ভ হ'ল
জোনবিল মেলা

ডিজিটেল সংবাদ,জাগীৰোড : জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। প্ৰাচীন গোভাৰাজ্যৰ পৰম্পৰা অনুসৰি পৰম্পৰাগত ৰজাৰ নিৰ্দেশতে বহা জোনবিল মেলাত পাহাৰ- ভৈয়ামৰ লোকৰ মাজত আজিও বিনিময় প্ৰথাৰ প্ৰচলন আছে।

ভৈয়ামৰ মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰাই এই মেলা আৰম্ভ হয়। জাগীৰোড মৰিগাঁও পথৰ কাষতে অনুষ্ঠিত হ'বলগীয়া এই মেলাৰ পৰম্পৰা অনুসৰি আজি পুৱা জাগ্ৰত থান দেউশালত পূজা-অৰ্চনা কৰাৰ পিছত আমতি আমত পূজা অৰ্চনা কৰা হয়।

তাৰ পিছতে জোনবিল মেলাথলীত বন্তি প্ৰজ্বলন কৰে গোভা দেউৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে। তাৰ পিছতে জোনবিল মেলাৰ গীত পৰিৱেশন কৰা হয়। পুৱা ১০-০০বজাত মেলাথলীত পতাকা উত্তোলন কৰে গোভা দেউৰজা দ্বীপসিং দেউৰজাই।

আজি দুপৰীয়া গোভাৰজাই জোনবিল মেলাত প্ৰীতিভোজ খোৱাৰ পিছতে মেলাথলী লৈ আগমন ঘটে পাহাৰৰ লোকসকলৰ। বিয়লি উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা জোনবিলত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া জোনবিল মেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ললিত পাচনি আৰু তিৱা যুৱ নেতা চেনিৰাম মালাং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ললিত পাচনি আৰু তিৱা যুৱ নেতা চেনিৰাম মালাং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

নিশা ৮-০০ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰে। অসম উন্নতি সভাৰ ৰাজ্যিক সম্পাদক অতনু শৰ্মাই তিৱা ভাষাৰ তথ্যচিত্ৰ এখন উন্মোচন কৰিব। শুক্ৰবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব লগা পাহাৰ- ভৈয়ামৰ সম্প্ৰীতিৰ বিনিময় প্ৰথা মুকলি কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ।

পুৱা ৯-০০ বজাৰ পৰা জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব আৰম্ভ হ'ব। ১০-০০ বজাত গোভাৰজাৰ লগতে মধ্য অসমৰ ৰজাসকলৰ জোনবিল মেলালৈ আগমন ঘটিব। উত্তৰ- পূব ক্ষেত্ৰৰ সাংস্কৃতিক অনুষ্ঠানৰ পিছতে দুপৰীয়া পৰম্পৰাগত ৰজাসকলক চৰকাৰে ৰাজভাট্টা প্ৰদান কৰিব।

এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্ত্ব পৰিষদৰ বিষয়ববীয়াসকলৰ লগতে তিৱা সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।নিশা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান।

ইফালে মেলাৰ অন্তিম দিনা গোভাৰ অৰম বিলত সমূহীয়া মাছ মৰা পৰ্ব অনুষ্ঠিত হ'ব। আনহাতে জোনবিল মেলাত পৰম্পৰা অনুসৰি উক্তদিনা প্ৰতীকি ৰূপত কৰ সংগ্ৰহ কৰা হ'ব।

গোভাৰজাৰ ভোজভাতৰে আৰম্ভ হ'ল
জোনবিল মেলা
সৰুপথাৰ সমষ্টিত জনকল্যামূলক আচঁনিৰ শুভাৰম্ভ বিধায়ক বিশ্বজিত ফুকনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in