/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr.jpg)
-
মহানগৰীৰ পুনৰ সংঘটিত হৈছে জলব’ৰ্ডৰ গাঁতত পৰি যুৱকৰ মৃত্যুৰ ঘটনা।
-
হেঙেৰাবাৰীৰ পথৰ জাইকাৰ গাঁতত পৰাৰ ফলত মৃত্যুক আঁকোৱালি লয় এজন যুৱকে।
-
বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত গাঁতত পৰিছিল যুৱকজন।
-
যুৱকজনৰ নাম মণ্টু ডেকা।
-
মণ্টু ডেকাৰ বয়স ৩২ বছৰ বুলি জানিব পৰা গৈছে।
-
হেঙেৰাবাৰী লিচু বাগানত ঘৰ মণ্টুৰ।
-
নিশা হেঙেৰাবাৰীৰ মূল পথৰে আহি থাকোঁতে গাঁতত পৰিছিল যুৱকজন।
-
তাৰ পিছত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হয় যুৱকজনক।
-
হাস্পতালত যুৱকজনৰ ভুল চিকিৎসা কৰাৰ অভিযোগ।
-
অভিযোগ অনুসৰি এটা বেজী দিয়াৰ পিছতে বেছিকৈ অসুস্থ হয় পৰে যুৱকজন।
-
তাৰ পিছতে মৃত্যুক আঁকোৱালি লয় যুৱক জনে।
Also Read: অৰুণ দাস