১৮-২০অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

১৮-২০অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ বুধবাৰে অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত সভাত অসমৰ খেলুৱৈৰ উন্নত প্ৰশিক্ষণ তথা মল্লযুঁজৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে কেবাটাও সিদ্ধান্ত লোৱা হয়৷

আজি সভাত ১৮-২০অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সন্থাৰ সম্পাদক গৌৰাংগ ৰয়ে জনোৱা অনুসৰি ৩দিনীয়া ৰাজ্যিক প্ৰতিযোগিতাখন ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুন ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

ইফালে, আজিৰ সভাত অসম অলিম্পিক সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক লক্ষ্য কোঁৱৰক অসম মল্লযুঁজ সন্থাই অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰে৷ তদুপৰি কোঁৱৰক সন্থাৰ মুখ্য উপদেষ্টা হিচাপেও মনোনীত কৰা হয়৷

আনহাতে, আজিৰ সভাতে অসম অলিম্পিক সন্থাৰ নতুন কমিটিত যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হোৱা অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মা, উপদেষ্টা উজ্বল বৰুৱা আৰু সদস্যৰূপে নিৰ্বাচিত হোৱা সন্থাৰ উপ সভাপতি গীতাৰ্থ দাসকো সম্বৰ্ধনা জনোৱা হয় বুলি সন্থাৰ সম্পাদক ৰয়ে অবগত কৰিছে৷

১৮-২০অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা
স্বয়ম্ভু চিকিৎসকে প্ৰাণ ল'লে আদিবাসী মহিলাৰঃ বিহালীত আটক অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in