স্বয়ম্ভু চিকিৎসকে প্ৰাণ ল'লে আদিবাসী মহিলাৰঃ বিহালীত আটক অভিযুক্ত

স্বয়ম্ভু চিকিৎসকে প্ৰাণ ল'লে আদিবাসী মহিলাৰঃ বিহালীত আটক অভিযুক্ত
Published on
Updated on

ডিজিটেল সংবাদ,বিহালীঃ বিহালীত বহিৰাগত স্বয়ম্ভু চিকিৎসকৰ গুণ্ডাৰাজ। বিহালীৰ চেৰেলিয়া অঞ্চলৰ স্বয়ম্ভু চিকিৎসকৰ ভূল চিকিৎসাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ অভিযোগ উত্থাপন হৈছে।

দৰাচলতে, ২১ ছেপ্তেম্বৰত ৰাখী ওৰাং নামৰ এগৰাকী মহিলা সামান্য অসুস্থ হোৱাত চিকিৎসক অজয় ঠাকুৰৰ ফাৰ্মাচীলৈ গৈছিল।স্বয়ম্ভু চিকিৎসক অজয় ঠাকুৰে মহিলা গৰাকীক চিকিৎসাৰ নামত চেলাইন-বেজি দিয়ে।

ইয়াৰ পাছতে মহিলাগৰাকীৰ মুখেৰে ফেন ওলাই তেওঁ মূৰ্ছা যায়।পৰিস্থিতি বিষম দেখি মহিলা গৰাকীক ততাতৈয়াকৈ ই-ৰিস্কাত উঠাই কেথলিক মিচন হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মহিলা গৰাকীক মৃত বুলি ঘোষণা কৰে। ইফালে উক্ত ঘটনাটো স্বয়ম্ভু চিকিৎসক অজয় ঠাকুৰে গাপ দিবলৈ চেষ্টা চলায়।

মৃত ৰাখী ওৰাঙৰ স্বামীৰ অভিযোগ অনুসৰি, স্বয়ম্ভু চিকিৎসক ঠাকুৰে তেওঁক নগদ ১০ হাজাৰ টকা দি থানাত গোচৰ নকৰো বুলি কাগজ এখনত তেওঁৰ পৰা স্বাক্ষৰ কৰি লৈছিল।

ইফালে মঙলবাৰে উক্ত ফাৰ্মাচীত উপস্থিত হৈছিল ঔষধ পৰিদৰ্শক ৷ ঔষধ পৰিদৰ্শক গৰাকী ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় ফাৰ্মাচীৰ স্বত্বাধিকাৰী অজয় ঠাকুৰৰ লগতে এটা গুণ্ড‍া বাহিনীয়ে।

যাৰ বাবে আজি উক্ত ফাৰ্মাচীত উপস্থিত হৈ বিহালীৰ বিভিন্ন জাতীয় দল সংগঠন আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অজয় ঠাকুৰ আৰু কমল কিশোৰক আটক কৰে। ফলত পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আহে যদিও অজয় ঠাকুৰক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাই জাতীয় দল সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in