গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সতীৰ্থ সন্মিলন

ডিজিটেল সংবাদ, নগাঁওঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুষ্পলতা দাস তিনি নং তিনি মহলীয়া ছাত্ৰী নিবাসৰ সতীৰ্থ সন্মিলনৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰো আয়োজন কৰিছে। অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাত প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থৰ বাবে কবিতা গল্প প্ৰবন্ধ অনুভৱ ৰসৰচনা আৱাসৰ ইতিবৃত্ত সম্বলিত আলোকচিত্ৰ কাৰ্টুন আদি প্ৰেৰণ কৰিবলৈ নিৱাসটোৰ প্ৰাক্তন আৰু বৰ্তমানৰ সকলো ছাত্ৰীকে আহ্বান কৰিছে ।

লেখনিসমূহ ৰামধেনু ফ্ৰন্টত(অসমীয়া লেখনি) আৰু Time new roman ফ্ৰন্টত (ইংৰাজী লেখনি) ডিটিপি কৰি অহা ২০ এপ্ৰিলৰ ভিতৰত তলৰ ঠিকনাত পঠাবলৈ সাহিত্য বিভাগৰ দায়িত্বত থকা গীতা মহন্ত শইকীয়াই অনুৰোধ জনাইছে। লেখনিসমূহ চুটি হোৱা বাঞ্চনীয়। সবিশেষ জানিবলৈ আৰু লেখনি প্ৰেৰণ কৰিবলৈ ইমেইল-rcc3,smornika@gmail,com ফোন-৯১৮৪৮৬৮৯৪৯১৬ নম্বৰত যোগাযোগ কৰক।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সতীৰ্থ সন্মিলন
সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুঙৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in