সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুঙৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুঙৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

ডিজিটেল সংবাদয় গুৱাহাটীঃ মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ "মিচিং সংস্কৃতিৰ আলেখ্য" ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন বুধবাৰে মহানগৰীৰ বিৰুবাৰীস্থিত য়ুং বয়জ ক্লাব প্ৰাংগণত অনুষ্ঠিত হয়। 'গমলাব মিগাং (সাহিত্যাচাৰ্য) ভৃগুমুনি কাগয়ুং স্মৃতি সুৰক্ষা সমিতি"ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠান সমিতিৰ সভাপতি কৃষ্ণ ৰাম মিলিৰ সঞ্চালনাত অনুষ্ঠিত হয় ।

সমিতিৰ সম্পাদক ড০ অভিজিৎ পায়েঙে আঁতধৰা অনুষ্ঠানত আনুষ্ঠানিকভাৱে পুথিভঁৰালৰ দ্বাৰ উন্মোচন কৰি পুঠিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপিকা ড০ প্ৰণতি তালুকদাৰ মুদিয়াৰে কয়- "জনগোষ্ঠীয় ভাষাসূহ আমি জানিব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খোঁজ কাঢ়ি-কাঢ়ি, বহু ঘাত -প্ৰতিঘাত নেওচি সমগ্ৰ ৰাজ্যতে নহয় চুবুৰীয়া ৰাজ্যলৈ গৈ তেওঁৰ ধৰ্ম- সংস্কৃতি, নাট-পদ, গীত আদি প্ৰচাৰ-প্ৰসাৰ কৰিছিল। আজিকালিৰ একাংশ পণ্ডিতে মহাপুৰুষ জনাৰ বিষয়ে ভাষণ দিবলৈ মাতিলে তেওঁলোকক অনা-নিয়া কৰিব লাগে, সুধে কিমান টকা দিব । আজিৰ বক্তৃতা দিয়াসকলক কিন্তু মানুহে পিচত পাহৰি যায় ।"

সভাৰ বিশিষ্ট অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মাই কয়- "যিজনে সমাজৰ হিতৰ বাবে সাহিত্য-সংস্কৃতিৰ স'তে জড়িত থাকে তেওঁলোক চিৰদিন জীয়াই থাকে । ভৃগুমুনি কাগয়ুংৰ বিশাল ব্যক্তিত্বই সকলোকে সন্মোহিত কৰিছিল । প্ৰতি নিয়ত বৃহত্তৰ ৰাইজৰ হকে কলম কৰিছিল ।"

সভাত বিশিষ্ট সাংবাদিক-লেখক ড০ অৰিন্দম প্ৰিন্স পাংগিং, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুণ কুমাৰ গাম, মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিলাস চন্দ্ৰ দলে, ধনেশ্বৰ দাস, কন্ঠশিল্পী ধৰণী তাৱে সন্মানিত অতিথি হিচাপে অংশ লয় । সভাত কৃষ্ণ কুমাৰ পাটগিৰিয়ে মিচিং, অসমীয়া গীত পৰিৱেশন কৰি অনুষ্ঠানটি উপভোগ্য কৰি তোলে । সভাৰ আদিতে ভৃগুমুনি কাগয়ুংৰ স্থিৰচিত্ৰত বন্তি প্ৰজ্বলন, পুষ্পাৰ্ঘ অৰ্পণ কৰা হয় ।

সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুঙৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন
বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in