অতিপাত গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় সলনি...

অতিপাত গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় সলনি...
অতিপাত গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় সলনি...

ডিজিটেল ডেস্কঃ গৰমৰ বন্ধ শেষ হোৱাৰ পিছৰে পৰা পুনৰ আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসসমূহত নিয়মীয়া পাঠদান। কিন্তু শেহতীয়াকৈ ৰাজ্যত গৰমৰ প্ৰকোপ পুনৰ বৃদ্ধি পোৱাত স্বাভাৱিক জন-জীৱন পুনৰ প্ৰায় স্তব্ধ হৈ পৰিছে।

এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ নিয়মীয়া পাঠদানৰ সময়সূচী পুনৰ সালসলনি কৰা হৈছে। কামৰূপ জিলা আয়ুক্তৰ নিৰ্দেশনা অনুসৰি ৩ আগষ্টৰ পৰা পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ'ব গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান।

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে স্বাক্ষৰ কৰা এক নিৰ্দেশনা অনুসৰি ল'ৱাৰ প্ৰাইমেৰিৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ অব্যাহত থাকিব। সেইদৰে এম ই স্কুলৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈ আৰু হাই স্কুল, হায়াৰ ছেকেণ্ডেৰীৰ পাঠদান ৭-৩০ বজাৰ পৰা দিনৰ ১ বজালৈ অব্যাহত থাকিব।

ইয়াৰোপৰি বিদ্যালয়সমূহক পুৱাৰ প্ৰাতঃ সভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা ১৫ আগষ্ট পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।

অতিপাত গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময় সলনি...
চতিয়াত স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in