চতিয়াত স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা

চতিয়াত স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা

ডিজিটেল সংবাদ,চতিয়া : চতিয়াৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ। তথ্য অনুসৰি এই মুহূৰ্তলৈকে ৩জনকৈ লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে ৷

ইয়াৰে চতিয়াৰ কছাৰী গাৱঁৰ অনুপ শইকীয়া নামৰ এগৰাকী শিক্ষক ইতিমধ্যে চিকিৎসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেওবাৰে মৃত্যুৰ মুখত পৰিছে ৷ ইতিমধ্যে স্বাস্থ্যবিভাগৰ লগতে চতিয়া পৌৰসভা তৎপৰ হৈ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ধোঁৱা নিক্ষেপৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

যিহেতু পৌৰসভাৰ কেইবাটাও অঞ্চলত স্থানীয় বাসিন্দাই গাহৰি পালন কৰে আৰু তেনেবোৰ অঞ্চলত বিশেষকৈ মহৰ প্ৰভাৱ বৃদ্ধি হয় ৷ সেইবোৰ অঞ্চলত বিশেষভাৱে ধোঁৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

চতিয়াত স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা
চাইকেল চলাবলৈ গৈ সন্ধানহীন ২ কিশোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in