ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘণ্য কাণ্ড। দিব্যাংগ মাতৃ, কন্যাক ধৰ্ষণ কৰিলে ৮ টাকৈ পাষণ্ডই। যোৱা ১৭ মে'তে সংঘটিত হোৱা এই ঘটনা গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও মানৱ সমাজক লজ্জানত কৰা এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।
জানিব পৰা মতে যোৱা ১৭ মে'ত সাতগাঁৱত দিব্যাংগ মাতৃ-কন্যাৰ ঘৰত দুৱাৰ ভাঙি প্ৰৱেশ কৰি এটা ৮ জনীয়া দলে দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে যৌনাংগত জলকীয়া গুড়ি সামি পাশৱিক নিৰ্যাতন চলাইছিল। ধৰ্ষণকাৰী দলটোৰ নিৰ্যাতনত অচেতন হৈ পৰিছিল মাতৃ, কন্যা দুয়োগৰাকী।
পৰৱৰ্তী দিনা স্থানীয় লোকে ৬৫ বছৰীা মাতৃ আৰু ২২ বছৰীয়া কন্যাক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে। স্থানীয় সাতগাওঁ আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি জি এম চি এইছলৈ লৈ আহে। জি এম চি এইছত চিকিৎসকৰ দলে যুদ্ধকালীন তৎপৰতাৰে চিকিৎসা প্ৰদান কৰি তেওঁলোকক সুস্থ কৰি তোলে।
জানিব পৰা মতে অৰুণ প্ৰধান নামৰ এজন ৫৫ বছৰীয়া ব্যক্তিৰে ভুক্তভোগী ২২ বছৰীয়া বিবাহ বিচ্ছেদিত যুৱতীৰ সৈতে আছিল অবৈধ সম্পৰ্ক। এই সম্পৰ্ক মানি লোৱা নাছিল অৰুণ প্ৰধানৰ পুত্ৰ অমিত প্ৰধানে। সেয়ে অমিতে লগত ৭ জনক লৈ গৈ ১৭ মে'ৰ নিশা এই ঘটনা সংঘটিত কৰে।
ঘটনা সন্দৰ্ভত সাতগাওঁ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৫৬/২৯৮/৩৫৪/৩৫৪ (বি) ধাৰাত অধীনত ৯২/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তৰ ভিত্তিতে ৪ ধৰ্ষণকাৰী তথা এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড অমিত প্ৰধান, বিমল ছেত্ৰী, ছায়া প্ৰধান আৰু সন্ধিয়া সোণাৰক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে।
ইফালে এই গোটেই ঘটনা আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী আৰু স্থানীয় লোকসকলক এই ঘটনা সন্দৰ্ভত মুখ নুখুলিবলৈ আৰক্ষীয়ে ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উঠিছে।
ইফালে পুত্ৰ অমিত প্ৰধানৰ এই অপকৰ্মৰ পাছতে ৰক্ষা কৰিবলৈ অৰুণ প্ৰধানে ভুক্তভোগী বিবাহ বিচ্ছেদিত যুৱতীগৰাকীক বিয়া কৰাই। ইয়াৰ পাছতে গোচৰটোৰ সন্দৰ্ভত এক শপতনামা প্ৰস্তুত কৰি গোচৰ উঠাই ল'বলৈ সাতগাওঁ আৰক্ষী থানাত আৱেদন জনায়।
কিন্তু দলৱদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ বাবে এই গোচৰটো উঠাই লোৱাত অমান্তি হয় সাতগাওঁ আৰক্ষী। জানিব পৰা মতে জি এম চি এইছে চিকিৎসাৰ প্ৰতিবেদনত এয়া এক দলবদ্ধ ধৰ্ষণ বুলি উল্লেখ কৰাৰ পাছতে আৰক্ষীয়ে গোচৰটোৰ সৈতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং ধাৰা সন্নিৱিষ্ট কৰিছে। ইফালে ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ ভয়তে আৰক্ষীয়ে নিতৌ আনি আৰক্ষী থানাত বহুৱাই ৰাখে বুলিও একাংশ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।