এক্সন মোডত DGP জি পি সিংঃ এজনৰ পাছত এজনকৈ ঘোচখোৰ আৰক্ষীক কৰিছে বৰ্খাস্ত...

এক্সন মোডত DGP জি পি সিংঃ এজনৰ পাছত এজনকৈ ঘোচখোৰ আৰক্ষীক কৰিছে বৰ্খাস্ত...
এক্সন মোডত DGP জি পি সিংঃ এজনৰ পাছত এজনকৈ ঘোচখোৰ আৰক্ষীক কৰিছে বৰ্খাস্ত...

ডিজিটেল ডেস্কঃ এক্সন মোডত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। ধাৰাবাহিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। এইবাৰ তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত কৰিলৰে মিঞাচান্দ আলীক।

অসম আৰক্ষীৰ নায়ক (ইউ বি) মিঞাচান্দ আলীক ২০২২ চনৰ ২৮ ছেপ্টেম্বৰতে উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰিছিল CM ভিজিলেন্সৰ দলে। আজি জি পি সিঙে টুইটাৰৰ জৰিয়তে এইগৰাকী ঘোচখোৰ আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জি পি সিঙে নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাৰ কাণ্ডৰ পাছতে ২৯ জুনৰ নিশা টুইটাৰত এক আৱেগিক পোষ্ট লিখি অসম আৰক্ষীক নিকা আৰু স্বচ্ছ কৰি ৰখাৰ লগতে ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে কঠোৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছিল। একেটা পোষ্টতে তেওঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথাও ঘোষণা কৰিছিল।

এইগৰাকী বিমান ৰয়েই ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী কিশোৰীক নগ্ন কৰি মোবাইলত ফটো তুলিছিল। অৱশ্যে পৰিদৰ্শক বিমান ৰয় এতিয়াও পলাতক অৱস্থাত আছে।

ইয়াৰ পাছত জুলাই মাহৰ ২ তাৰিখে উপ-পৰিদৰ্শক নিপু কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। এছ আই নিপু কলিতাই চাৰি কোটি টকাৰ সোণ হৰলুকী কৰাৰ এক অভিযোগত অভিযুক্ত হৈছিল।

নিপু কলিতাক বৰ্খাস্তকৰণৰ সন্দৰ্ভত জি পি সিঙে টুইটাৰত উল্লেখ কৰিছিল যে, বিগত ২৭ জুনত ডিপি নম্বৰৰ ০৭/২০২১ৰ লগত সম্পৰ্কিত উৎকোচ লোৱা ঘটনাৰে জড়িত থকাৰ অপৰাধত নিপু কলিতাক বৰ্খাস্ত কৰা হৈছে।

অসম সেৱা (অনুশাসন আৰু আপিল নিয়ম ১৯৬৪), অসম আৰক্ষী মেনুৱেল ভাগ–৩ৰ নিয়ম ৬৬ৰ লগতে অসম আৰক্ষী অধিনিয়ম ২০০৭ আৰু সংবিধানৰ ৩১১ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে আৰক্ষী বিষয়া নিপু কলিতাক।

ইয়াৰ পিছতে ৩ জুলাইত জি আৰ পিৰ এছ আই বদ্ৰীপ্ৰসাদ বাৰূৱতীয়ে কনিষ্টবল সৰস্বতী হাছনুৰ একাউণ্টত ধন জমা কৰাৰ অপৰাধাত সৰস্বতী হাচনুৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখ্য যে ২০২১ত সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বদ্ৰী প্ৰসাদ বাৰূৱতী। বদ্ৰী প্ৰসাদৰ অতি ঘনিষ্ঠ বুলি পৰিচিত সৰস্বতী হাছনু।

এক্সন মোডত DGP জি পি সিংঃ এজনৰ পাছত এজনকৈ ঘোচখোৰ আৰক্ষীক কৰিছে বৰ্খাস্ত...
প্ৰচণ্ড বৰষুণত তীব্ৰ বেগী আল্ট্ৰা বাছে খুন্দা মাৰিলে গছতঃ ৪০ জনকৈ যাত্ৰী আহত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in