/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/354e6045-ec2b-42ce-99d1-a85606aaa731/Ladakh.jpg)
ডিজিটেল ডেস্কঃ বিগত ১৮ জুলাই তাৰিখে লাডাখত অৱস্থিত পাংগং হ্ৰদত অনুষ্ঠিত হয় গুৱাহাটী মেট্ৰ' ৰাউণ্ড টেবুল ৩২০। ভৱিষ্যতৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আয়োজন কৰা এই অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনটোৱে বছৰটোৰ তৃতীয়খন ব্যৱসায়িক সভা আয়োজন কৰি সুবিধাৰ পৰা বঞ্চিত সকলৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণৰ এক সিদ্ধান্ত গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fcafddd8-d8fe-41ed-bef4-374031a601bc/23ac04ad_f1f2_4779_bf82_721921bb693a.jpg)
শ্ৰেণীকোঠা নিৰ্মাণৰ এই প্ৰকল্পটো সম্পাদনৰ বাবে অসমৰ মুক্তাপুৰক প্ৰাৰম্ভিক স্থান হিচাবে নিৰ্বাচন কৰা হৈছে । এই প্ৰকল্পটোয়ে সদস্যসকলক কাম কৰাৰ এক নতুন সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনটোৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d0d9aa0c-5b82-4069-b24a-bd177461e6cf/4aafed93_cb63_44bf_bf3a_0b4dc0e9a466.jpg)
গুৱাহাটী মেট্ৰ' ৰাউণ্ড টেবুল ৩২০ৰ এই যাত্ৰাত সদস্যসকলে লেহ-নুব্ৰা ভেলী-পাংগং হ্ৰদ-লেহ আদি ঠাই ভ্ৰমণ কৰি অভিজ্ঞতা বুটলাৰ সমান্তৰালভাবে আৰটিআই কানেক্ট কাৰ্যসূচীৰ অধীনত সদস্যসকলৰ বাবে এক অনুপ্ৰেৰণামূলক অনুষ্ঠানৰ আয়োজন কৰে। য'ত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কাৰ্গিল যুদ্ধত দেখুওৱা বীৰত্বৰ বাবে বীৰ চক্ৰ সন্মান প্ৰাপক কৰ্ণেল সঞ্জীৱ সিং জামৱাল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f59a480b-a425-42c1-83b6-181c5868d2d2/b6d30414_6b6c_467e_bb5b_c93b89cc1e37.jpg)
উল্লেখ্য যে, গুৱাহাটী মেট্ৰ' ৰাউণ্ড টেবুল ৩২০য়ে এই বহিঃকেন্দ্ৰীক বৈঠক আয়োজন কৰাৰ উদ্দেশ্য আছিল সমাজৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱা ব্যক্তিসকলৰ সৈতে আলোচনাত বহি এক শক্তিশালী নেটৱৰ্ক গঢ়ি তোলা।
Also Read: লামডিঙত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীৰ ঘৰত ডকাইটিঃ লৈ গ'ল অনুজ্ঞা পত্ৰ থকা পিষ্টল