লামডিঙত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীৰ ঘৰত ডকাইটিঃ লৈ গ'ল অনুজ্ঞা পত্ৰ থকা পিষ্টল

লামডিঙত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীৰ ঘৰত ডকাইটিঃ লৈ গ'ল অনুজ্ঞা পত্ৰ থকা পিষ্টল

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত নিশা ভয়ংকৰ ঘটনা ৷ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত ডকাইতি কাণ্ড । ঘটনাত গুৰুতৰভাবে আহত হয় কংগ্ৰেছ নেত্ৰী তথা দেৱেশ চক্রৱৰ্তীৰ পত্নী মায়া চক্রৱৰ্তী।

ঘটনা অনুসৰি মঙলবাৰৰ পুৱতি নিশা লামডিঙ লংকা ৰোডস্থিত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত দেৱেশ চক্রৱৰ্তীৰ ঘৰত তিনি-চাৰিজনীয়া এটা ডকাইতৰ দলে হাতত চোকা অস্ত্ৰ লৈ ঘৰত প্ৰৱেশ কৰে ৷ ডকাইতৰ দলটোৱে প্ৰাক্তন অধ্যক্ষগৰাকীৰ পত্নী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মায়া চক্রৱৰ্তীৰ মুখত সোপা মাৰি পৰিধান কৰা সোণৰ অলংকাৰ আঁজোৰি নিয়ে৷

তদুপৰি ঘৰত থকা নগদ ধন লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ সহ মায়া চক্রৱৰ্তীৰ অনুজ্ঞা পত্ৰ থকা পিষ্টলও লৈ উধাও হয় ডকাইতৰ দলটো। ঘটনা সংঘটিত হোৱাৰ সময়ত কংগ্ৰেছৰ নেত্ৰীগৰাকী গুৰুতৰভাবে আহত হয় ৷ উল্লেখ্য ঘটনাস্থলীত পুৱতি নিশাই লামডিং আৰক্ষী উপস্থিত হৈ চিকিৎসালয় নিয়ে মায়া চক্ৰৱৰ্তীক৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে লামডিং আৰক্ষীয়ে ৷

লামডিঙত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীৰ ঘৰত ডকাইটিঃ লৈ গ'ল অনুজ্ঞা পত্ৰ থকা পিষ্টল
জাগীৰোড ৰে'লৱে আৰক্ষীৰ বিৰুদ্ধে মহিলা হোমগাৰ্ডক নিৰ্যাতনৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in