মহানগৰীত বাট-পথত বিশেষ নাটঃ দৃষ্টি আকৰ্ষণ পথচাৰীৰ...

মহানগৰীত বাট-পথত বিশেষ নাটঃ দৃষ্টি আকৰ্ষণ পথচাৰীৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত এখন বিশেষ নাটে দৃষ্টি আকৰ্ষণ কৰিছে পথচাৰীৰ। কামৰূপ জিলা পৰিবহন (মেট্ৰ')ৰ উদ্যোগত অসমৰ প্ৰতিষ্ঠিত নাট্যদল “ঈগল”য়ে পৰিবেশন কৰা এই নাটখন এতিয়া দেখিবলৈ পোৱা গৈছে মহানগৰীৰ বাটে-পথে।

পথ সুৰক্ষাৰ নীতি-নিয়ম মানি নচলাৰ ফলত সমগ্ৰ দেশৰ লগতে অসমতো সময়ে সময়ে দেখিবলৈ পোৱা যায় অকালতে বহুলোকে মৃত্যুক সাৱতি লোৱা। এনে পথ দুৰ্ঘটনাৰ প্ৰতি সজাগ কৰিবলৈ নাট্য গোষ্ঠীটোয়ে প্ৰদৰ্শন কৰিছে এই বিশেষ বাটৰ নাটখনি।

নাট্যকাৰ তপন ডেকাই ৰচনা কৰা উক্ত নাটখন আৰজু আমিনৰ পৰিচালনাত প্ৰদৰ্শন কৰা হৈছে। নাটখন ইতিমধ্যেই এখন অতি মননশীল আৰু হৃদয় বিদাৰক নাট হিচাবে পৰিগণিত হৈছে পথচাৰীৰ মাজত। উল্লেখ্য নাটখনত অভিনয় কৰিছে তপন ডেকা, ধীৰু হালৈ, ভিক্টৰ কলিতা, অমিতাভ তালুকদাৰ, মিনাক্ষী শইকীয়া, প্ৰিয়ংকা হাজৰিকা, ডেইজী গগৈ আৰু দিপীকা গগৈয়ে।

মহানগৰীত বাট-পথত বিশেষ নাটঃ দৃষ্টি আকৰ্ষণ পথচাৰীৰ...
পশ্চিম মাছখোৱাত ৩ লোকনিৰ্মান আঁচনিৰ উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in