/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/06eeac89-6792-4ba2-82df-49a67a204bdf/Ranoj_pegu.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলবাসীৰ ৩টা দীৰ্ঘদিনীয়া অভাৱ-সমস্যাৰ স্থায়ী সমাধান হ'ল। ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী তথা ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৰ তৎপৰতাত নিৰ্মীয়মান ৩খন দলং নিৰ্মাণ আঁচনি শনিবাৰে ৰাইজৰ নামত উৎসৰ্গা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fffe0509-7693-4c7c-8484-bbcf9c3824fa/a9a94318_8f2a_4cff_bc80_24b75e45af29.jpg)
পুৱা ৭-৩০বজাত মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ঢকুৱাখনা-মাছখোৱা লোকনিৰ্মান পথৰ "নাবাৰ্ড"ৰ অৰ্থ সাহায্যৰে মহাবীৰ লাচিত চিলাৰায় সেতু, নিৰ্মাণ অভিযান ২০১৮-২০১৯ৰ অধীনত নিৰ্মিত ৰহা পকী দলং, হাৰ্হিঘাট পকী দলং আৰু প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পেকেজ নম্বৰ এ এছ-১৫-২৪৬ৰ অধীনত নিৰ্মিত প্ৰায় ৫'৭২ কিলোমিটাৰ দৈৰ্ঘৰ মুঠ ২৮ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে গঢ়পৰা-ৰহা সংযোগী পথৰ শুভ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/55ea66c9-722a-40f8-a460-931c60d8547f/d120a3ce_de36_49ba_a059_d95f3ec4598c.jpg)
এই আঁচনি উদ্বোধনী অনুষ্ঠানত ধেমাজি ক্ষেত্ৰীয় লোকনিৰ্মান বিভাগৰ অধীক্ষক অভিযন্তা ৰতিকান্ত পেগু, কাৰ্যবাহী অভিযন্তা গৌতম বৰুৱা, সহকাৰী কাৰ্যবাহী অভিযন্তা নিৰুদ চাংমাইৰ লগতে পশ্চিম মাছখোৱা অঞ্চলৰ গৰিষ্ঠ সংখ্যক নাগৰিক, দলীয় কৰ্মকর্তা উপস্থিত থাকে। শাসক দল বিজেপিৰ পশ্চিম মাছখোৱাৰ হাৰ্হি মণ্ডল বিজেপিৰ সভাপতি প্ৰণৱজিৎ গগৈয়ে আঁত ধৰা উদ্বোধনী সভাত মন্ত্ৰী ডাঃ পেগু আৰু সাংসদ বৰুৱাই আঁচনি সমূহ ৰাইজক উৎসৰ্গা কৰি বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b6636203-eb77-40b3-a92b-4c7166ad87b2/7c238b91_d2ab_4056_b389_0cb06b242bab.jpg)
ধেমাজি জিলা বিজেপিৰ সম্পাদিকা বিভা চেতিয়া, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমুজ্জল চেতিয়া, অগপৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি দুলাল দত্ত, হাৰ্হি জিলা পৰিষদৰ সদস্যা টিটুমণি গোঁহাই চেতিয়া, হাৰ্হি মণ্ডল অগপৰ সভাপতি নোমল গগৈ আদিও উপস্থিত থকা উদ্বোধনী সভাত দীৰ্ঘদিনীয়া এই জলন্ত অভাৱসমূহ দূৰীকৰণত মন্ত্ৰীগৰাকীৰ তৎপৰতাক শলাগ লয় অঞ্চলবাসী ৰাইজে।
Also Read: ফ্ৰান্সৰ পিচত ইউ এ ইলৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ