গুৱাহাটী তেল শোধনাগাৰত ভয়ংকৰ ঘটনা: গাঁত খান্দি থকাৰ সময়তে মৃত্যু শ্রমিকৰ...

গুৱাহাটী তেল শোধনাগাৰত ভয়ংকৰ ঘটনা: গাঁত খান্দি থকাৰ সময়তে মৃত্যু শ্রমিকৰ...

ডিজিটেল ডেস্ক : গুৱাহাটী তেল শোধনাগাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। গাঁত খান্দি থকাৰ সময়তে মৃত্যু কৰ্মৰত শ্রমিকৰ । নিহত শ্রমিকজন মৰিগাঁৱৰ আব্দুল কৰিম। আনহাতে গুৰুতৰভাৱে আহত হৈছে আন দুজন শ্রমিক। আহত শ্ৰমিক কেইজন ক্ৰমে আব্দুল মালিক আৰু ৰজনী কলিতা।

নিকনৰ প্রকল্পত কৰ্মৰত আছিল শ্রমিককেইজন। এই ঘটনাৰ লগে লগে শোধনাগাৰ কৰ্তৃপক্ষ, নিকন কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোম্পানীৰ অৱহেলাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰ্মৰত শ্ৰমিকৰ।

তদুপৰি নিহতৰ পৰিয়ালক কমেও ২০লাখ টকাৰ ক্ষতিপূৰণ প্রদানৰ দাবী জনাইছে শ্ৰমিকে। দাবী মানি নল’লে আন্দোলনৰ হুংকাৰ শ্রমিকৰ। নিকন কোম্পানী আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্রমিকৰ অভিযোগ যে- শ্রমিকৰ সুৰক্ষাৰ ক্ষেত্রত কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল কৰ্তৃপক্ষই। বৰষুণৰ বতৰতো শ্রমিকক কাম কৰিবলৈ বাধ্য কৰাইছিল শোধনাগাৰ কৰ্তৃপক্ষ, নিকন কোম্পানীৰ বিষয়ববীয়াই। লগতে কাম কৰাৰ আগতে শ্রমিকক কোম্পানীয়ে ৱৰ্ক অৰ্ডাৰ নিদিয়াকৈয়ে কামত খটুৱাৰ অভিযোগ।

গুৱাহাটী তেল শোধনাগাৰত ভয়ংকৰ ঘটনা: গাঁত খান্দি থকাৰ সময়তে মৃত্যু শ্রমিকৰ...
গেংষ্টাৰৰ অবৈধ ভূমিত নিৰ্মাণ কৰা অট্টালিকা দৰিদ্ৰ লোকলৈ আবন্টন উত্তৰ প্ৰদেশ চৰকাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in