গেংষ্টাৰৰ অবৈধ ভূমিত নিৰ্মাণ কৰা অট্টালিকা দৰিদ্ৰ লোকলৈ আবন্টন উত্তৰ প্ৰদেশ চৰকাৰৰ

গেংষ্টাৰৰ অবৈধ ভূমিত নিৰ্মাণ কৰা অট্টালিকা দৰিদ্ৰ লোকলৈ আবন্টন উত্তৰ প্ৰদেশ চৰকাৰৰ

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ তথা একালৰ গেংষ্টাৰ আতিক আহমেদ । ৰাজহুৱা স্থানতেই সাংবাদিকৰ সন্মুখত চলিত বৰ্ষৰ ১৫ এপ্ৰিলত একেবাৰে ওচৰৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল গেংষ্টাৰ আতিক আহমেদক । তাৰ পাছতেই সমগ্ৰ ঘটনা সন্দৰ্ভত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ।

আতিক আহমেদৰ মৃত্যুক যিদৰে কিছু সংখ্যক লোকে সমৰ্থন কৰিছিল, একে সময়তেই ৰাজহুৱা স্থানত আৰক্ষী বিষয়া, সংবাদকৰ্মীৰ সন্মুখতেই কোনোবাই কাৰোবাক গুলীয়াই হত্যা কৰা কথাটোও সাধাৰণ নাছিল । ই উত্তৰ প্ৰদেশত ক্ৰমাৎ বাঢ়ি অহা হিংসাত্মক কাৰ্য-কলাপকে প্ৰমাণ কৰিছিল ।

সেই আতিক আহমেদেই জীৱন্ত কালত বলপূৰ্বকভাৱে অধিকৃত ভূমিত নিৰ্মাণ কৰা অট্টালিকাসমূহ বৰ্তমান উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ লোকক আবন্টন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত প্ৰয়াগৰাজ ডেভেলপমেন্ট অথ'ৰিটীৰ উপাধ্যক্ষ অৰবিন্দ চৌহানে সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্য অনুসৰি, সৰ্বমুঠ ৭৬ টা এপাৰ্টমেন্ট চৰকাৰে দৰিদ্ৰসকলক আবন্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যিসমূহ ক্ৰমে অনুসূচিত শ্ৰেণী, পিছপৰা শ্ৰেণী, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী আদি সংৰক্ষণ ব্যৱস্থাৰ আধাৰত আবন্টন কৰিব ৰাজ্যখনৰ চৰকাৰে ।

গেংষ্টাৰৰ অবৈধ ভূমিত নিৰ্মাণ কৰা অট্টালিকা দৰিদ্ৰ লোকলৈ আবন্টন উত্তৰ প্ৰদেশ চৰকাৰৰ
এজাক বৰষুণতেই পৰীক্ষা বাতিল কৰিব লগীয়া পৰিস্থিতিৰ সন্মুখীন গুৱাহাটী মহানগৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in