গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনঃ ৪ গুৰুত্বপূৰ্ণ পদত অসমীয়া প্ৰতিদিন-প্ৰতিদিন টাইমৰ প্ৰাৰ্থীৰ জয়লাভ

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনঃ ৪ গুৰুত্বপূৰ্ণ পদত অসমীয়া প্ৰতিদিন-প্ৰতিদিন টাইমৰ প্ৰাৰ্থীৰ জয়লাভ

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনঃ ৪ গুৰুত্বপূৰ্ণ পদত অসমীয়া প্ৰতিদিন-প্ৰতিদিন টাইমৰ প্ৰাৰ্থীৰ জয়লাভ

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত ৪টা গুৰুত্বপূৰ্ণ পদত নিৰ্বাচিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীত কৰ্মৰত ৪গৰাকী সাংবাদিক আৰু সংবাদকৰ্মী। মহিলাৰ বাবে সংৰক্ষিত উপ সভাপতি পদত জয়ী হৈছে প্ৰতিদিন টাইমৰ অলকা বৰুৱা।

উপ সভাপতি পদত বিপুল ব্যৱধানত জয়ী হৈছে অসমীয়া প্ৰতিদিনৰ যতীন ভাগৱতী। মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক পদত প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰে জয়লাভ কৰিছে।

আনহাতে,ক্ৰীড়া সম্পাদক পদত জয়ী হৈছে প্ৰতিদিন টাইমৰ ক্ৰীড়া সাংবাদিক আজাদ গগৈ।

Also Read: প্ৰথমবাৰলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি হ'ব এগৰাকী মহিলা সাংবাদিক !

guwahati press club election