প্ৰথমবাৰলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি হ'ব এগৰাকী মহিলা সাংবাদিক !

প্ৰথমবাৰলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি হ'ব এগৰাকী মহিলা সাংবাদিক !

author-image
Asomiya Pratidin
New Update
প্ৰথমবাৰলৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি হ'ব এগৰাকী মহিলা সাংবাদিক !

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰথমবাৰৰ বাবে সভাপতি হোৱাৰ দিশে এগৰাকী মহিলা সাংবাদিক। ৩ জুনত অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত এটা ৰাষ্ট্ৰীয় বাতৰি সংস্থাত কৰ্মৰত সুস্মিতা গোস্বামীয়ে সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল।

এই পদৰ বাবে আন দুগৰাকী প্ৰতিদ্বন্দি প্ৰাৰ্থী আছিল যদিও এই নিৰ্বাচনত একপ্ৰকাৰৰ জয় প্ৰায় নিশ্চিত কৰিছে সুস্মিতাই। উল্লেখযোগ্য যে, সুস্মিতা গোস্বামী ৰাজ্যৰ বিশিষ্ট সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ কন্যা।

Also Read: গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন LIVE UPDATE:
ফলাফল ঘোষণা...

election guwahati press club