/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/37cca8ae-e472-4a3d-b248-a879d28c39a7/AP_FOR_WEB_hiren_gohain.jpg)
"গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি" অনুষ্ঠানত এইবাৰ উপস্থিত থাকিব ড০ হীৰেন গোহাঁই...
ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা প্ৰতি মাহে বিভিন্ন ক্ষেত্ৰত নিজস্ব কৰ্মৰে মহিয়ান তথা সমাজ আৰু জাতীয় জীৱনৰ প্ৰতি বিশেষ অৱদান আগবঢ়ায় অহা, দেশ আৰু স্বজাতিৰ প্ৰতি দায়ৱদ্ধ বিশিষ্ট লোকক আমন্ত্ৰণ জনাই প্ৰতি মাহে অনুষ্ঠিত কৰি আহিছে 'গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি' শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান। চলিত মাহৰ এই অনুষ্ঠান ১৯ ডিচেম্বৰ, মঙ্গলবাৰে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ'ব।
এইবাৰৰ 'গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি' অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট বুদ্ধিজীৱী, সক্ৰিয় সমাজকৰ্মী, বিশিষ্ট সমালোচক, সাহিত্যিক ড০ হীৰেন গোহাঁই। অসমৰ যিকোনো জটিল সন্ধিক্ষণত সবলভাৱে মাত মাতি অহা ড০ গোহাঁইৰ অসমৰ সমাজ জীৱনৰ প্ৰতি অৰিহণা অতুলনীয়।
ভাষা, সাহিত্য, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াই চহকী কৰা এইগৰাকী মহীৰূহ ব্যক্তিৰ সৈতে এই অন্তৰংগ অনুষ্ঠানতে উপস্থিত লোকসকলেও ভাব বিনিময় কৰিব পাৰিব। সেয়ে গুৱাহাটীৰ সংবাদ কৰ্মীসকলৰ লগতে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ উপস্থিতি সমূহ কাৰ্যনিৰ্বাহক সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।
Also Read: গুৱাহাটীত 'তিতা বাহেকৰ ফুল' শীৰ্ষক কবিতা পুঁথি উন্মোচন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us