/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8a43477d-01a5-4e00-b941-069eb884fc45/book_18.jpg)
গুৱাহাটীত 'তিতা বাহেকৰ ফুল' শীৰ্ষক কবিতা পুঁথি উন্মোচন...
ডিজিটেল সংবাদ নগাঁওঃ 'অনভূতিৰ ঢেৰ যন্ত্ৰণাকাতৰ দিন গৈছে,সেই যন্ত্ৰনাৰ পৰা উপশম পাবলৈ তাই কবিতা বাছি লৈছে, কথাটো ভাল হৈছে । ঘোচ খোৱা, নিচা খোৱা আদিবোৰ বেয়া কাম যে নকৰি কলমটো বাছি লৈছে বৰ ভাল কথা হৈছে। এতিয়া তেওঁক সামাজিক যন্ত্ৰণায়ো যন্ত্ৰণা দিয়ক,কবিতাবোৰ পক উঠি তেওঁ আৰু পূৰঠ হৈ উঠক।''- এই বক্তব্য কবি নিলীমা ঠাকুৰীয়া হকৰ।
১৭ ডিচেম্বৰৰ আবেলি ৪ বাজি ১৫মিনিটত গুৱাহাটীৰ নেহা আগৰৱালা সোঁৱৰণি সভাকক্ষত নগাঁৱৰ গৱেষক ছাত্ৰী অনুভূতি গায়নৰ প্ৰথম কবিতা পুঁথি 'তিতা বাহেকৰ ফুল' শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰা হয়।
এই কবিতা পুঁথিখন উন্মোচন কৰে নিলীমা ঠাকুৰীয়াৰ লগতে আনিচ উজ জামান, অৰিন্দম বৰকটকী, ইমৰান হুছেইনে। পূৰ্বায়ন প্ৰকাশক গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা এই কবিতা পুঁথিখনৰ উন্মোচনী সভাখনৰ আঁত ধৰে বৰ্ষাপ্ৰিয়া দত্তই। নীৰৱ,নিৰল সভাখনিৰ আৰম্ভ হয় আগমণি দত্তই গোৱা এটি ঘোষাৰে।
সমালোচক অৰিন্দম বৰকটকীয়ে উন্মোচনী ভাষণত কয়- আচলতে পৃথিৱীৰ কবিতা এটাই,সেইটোকে প্ৰজন্মৰ পাছত প্ৰজন্মই ধৰি ৰাখে। কণমানি বয়সৰ পৰা ককায়েক অৰ্ণৱ আৰু অনুভূতিক দেখি আহিছোঁ,সৰুতে দেখি মনলৈ আহিছিল দুয়োটা দেখোন কবিতা । দেখিছো অসমীয়া বিষয়ৰ অধ্যাপিকা মাতৃ কল্পনা হাজৰিকা গায়নে দুয়োকে মাতৃবৎ চেনেহেৰে আবৰি ৰাখে। কবিতা পুঁথিখন হাতত লৈ দেখিছোঁ অনুভূতিৰ কবিতা "অনুভূতি"ৰ কবিতা হৈছে। অবশ্যে তেওঁ দোমোজাত থাকিব লাগিব,বুকুৰ ভিতৰ সম্পাদক আৰু সমালোচকজনক সদায় জগাই ৰাখিব লাগিব,আৰু আশা কৰোঁ তিতাবাহেকৰ ফুলে অসমীয়া কবিতাক ঔষধি গুণ দিব।
আনিচ উজ জামানে অসমৰ আইসকলক আইনাম, যোৰানাম, গোঁসানীনাম, বিয়ানাম আদি নেৰিবলৈ আহবান জনাই আৰু কয়- আমাৰ ইমান লোকসাহিত্য লোকগীত আছে যে ভাৰততে নাই। আমাৰ মৰমৰ ভাষাটো বৰ ইংগিতধৰ্মী আৰু সেয়ে ই বৰ চহকী ভাষা। আমাৰ লেখা-মেলা কৰা যুৱক-যুৱতীসকলে অসমৰ লোকসাহিত্য বেছিকৈ পঢ়িব লাগে।
গল্পকাৰ ইমৰান হুছেইনে কয় যে, অনুভূতিৰ কবিতাত দ্বন্দ আছে,অবশ্যে দ্বন্দ বিকাশৰো মাধ্যম ।পাঠকক ভবাই তুলিব নোৱাৰাজন কবি নহয় ।কবিতাৰ লাইনসমূহ গদ্যাকাৰে সজাই দিলে পঢ়িবলৈ যদি গদ্য গদ্য নালাগে সেয়াই কবিতা ।
নিজৰ এই ক্ষেত্ৰত অনুভূতি ব্যক্ত কৰি কবিতা পুঁথিখনৰ ৰচয়িতা অনুভূতি গায়নে কয়-নগাঁও মহাবিদ্যালয়ত মই মাৰ ছাত্ৰী আছিলোঁ,মায়ে কবিতা ভালকৈ পঢ়াই ।এদিন মায়ে ক্লাছৰ পৰা মোক উলিয়াই দিয়াৰ উদাহৰণো আছে। জীৱনৰ ৰীতি-নীতি ছন্দত গৈ থাকিলে সেইটোও কবিতা ।মই মাথোঁ চেষ্টা এটাহে কৰিছোঁ ।অবশ্যে এইটো কব পাৰোঁ এয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সৃষ্টি নহয়, প্ৰাকৃতিক বুদ্ধিমত্তাৰেই সৃষ্টি ।