গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন : অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তক সম্বৰ্ধনা জ্ঞাপন

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন : অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তক সম্বৰ্ধনা জ্ঞাপন

ডিজিটেল ডেস্ক : 'আছাম প্ৰেছ ক'ৰেছপ'ণ্ডেণ্টছ ইউনিয়ন' চমুকৈ 'আপকু’ৱে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে। প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত কৰা মুকলি সভাত অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তৰ লগতে 'এন কে টিভি'ৰ কনাছালটিং এডিটৰ প্ৰণয় বৰদলৈ আৰু 'দৈনিক জনমভূমি'ৰ বাৰ্তা সম্পাদক নিতুল বৰুৱাক 'আপকুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তিনিওগৰাকী জ্যেষ্ঠ সাংবাদিকক গামোচা, অংগবস্ত্ৰ, জাপি আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। 'আপকু'ৰ সভাপতি স্বপন কুমাৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশ লৈ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে সম্বর্ধিত সাংবাদিককেইগৰাকীক অভিনন্দন জনোৱাৰ লগতে সংবাদক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিকে গ্রেছ দিৱসৰ শুভেচ্ছা জনায়।

সমাজত সংবাদ মাধ্যমৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ভাষণত কয়— 'সমাজত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু প্রয়োজনীয়তাৰ বিষয়ে আমি সকলোৱে ভালদৰে জানো। সাংবাদিকসকলৰ দায়িত্ব অতি গধুৰ কিন্তু সাংবাদিকসকলে আনৰ ভুল-ত্ৰুটিবোৰ দেখুৱাই দিয়াৰ লগতে ভাল খবৰবোৰ ৰাইজক জনোৱাতো গুৰুত্ব দিব লাগিব।

সাংবাদিকসকলে ভাল কাম-কথাবোৰ সাধাৰণ ৰাইজৰ ওচৰলৈ নিলেহে সুস্থ সমাজ এখন গঢ় লৈ উঠিব।' সাংবাদিকসকলৰ ত্যাগৰ বিষয়ে উল্লেখ কৰি লগতে তেওঁ কয় 'সমাজ ব্যৱস্থাত সাংবাদিকৰ বহু ত্যাগ আছে। দিনৰ দিনটো বাতৰিৰ পিচে পিচে ঘুৰি সাংবাদিকে নিজৰ ঘৰখনত সময় দিব নোৱাৰে। সাংবাদিকসকলে সদায়ে সমাজৰ হিতৰ কথা চিন্তা কৰে। নিজৰ বৃত্তিটোক লৈ সাংবাদিকসকল সদায় সুখী।'

ইফালে কোনো সমস্যাৰ স্থায়ী সমাধান নোহোৱাটোৱে অসমত উন্নয়নত বাধা হৈ থিয় দিছে বুলি বিধানসভাৰ অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। এই সন্দৰ্ভত তেওঁ কয়— 'আমি এটা সমস্যাৰ সমাধান নোহোৱাতে আন এটা সমস্যাত গুৰুত্ব দিওঁ।

সমস্যাৰ স্থায়ী সমাধানৰ কথা নাভাবো। ইয়াৰ ফলত সমাজৰ উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি হয়। সকলো বুজি পোৱাৰ পিচতো আমি নুবুজাৰ ভাও ধৰি থাকো। অসমত আইন-কানুনক লৈ সজাগ নহয়। বিধানসভাত আইন বলবৎ কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলেও গুৰুত্বপূর্ণ ভূমিকা লোৱা উচিত।'

উল্লেখ্য যে মুকলি সভাখনৰ আৰম্ভণিতে ৰাজ্যৰ ছহিদ সাংবাদিক- সংবাদকর্মীসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্রকাশ মহন্তই ১৯৯১ চনৰ পৰা এতিয়ালৈকে ছহিদ হোৱা ৰাজ্যৰ ৩২ গৰাকী ছহিদ সাংবাদিকৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে।

লগতে 'আপকুৰ কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্যই ছহিদ সাংবাদিকসকলৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে। ভাষণ প্ৰসংগত মহন্তই সাংবাদিকৰ কল্যাণ আঁচনিসমূহ নিয়মীয়াকৈ প্ৰৱৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

সাংবাদিকৰ নিৰাপত্তা নিশ্চিতকৰণত গুৰুত্ব দি লগতে তেওঁ কয় 'সামাজিক মাধ্যমত অধিক নিৰ্ভৰশীল হোৱাৰ বাবে এতিয়া অনুসন্ধানমূলক সাংবাদিকতা কমি আহিছে। সমান্তৰালভাৱে সাংবাদিকৰ দায়বদ্ধতাও হ্ৰাস পাইছে।'

'আপকুৰ কামৰূপ জিলা সমিতিৰ সম্পাদক নিবেন চন্দ্র মালীয়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাখনত সংগঠনটোৰ সদস্যসকলৰ লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সংবাদকর্মী তথা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি থকা কেইবাগৰাকীও ছাত্র-ছাত্রী উপস্থিত থাকে। উল্লেখ্য যে মুকলি সভা আৰম্ভ হোৱাৰ পূৰ্বে আজি পুৱা প্ৰেছ ক্লাবৰ চৌহদত 'আপকুৰ পতাকা উত্তোলন কৰা হয়।

পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি স্বপন কুমাৰ ৰাভাই। দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ দিবস পালন কৰি 'আপকুৰ নেতৃবর্গই সাংবাদিকৰ সৈতে জড়িত আঁচনিসমূহ তাৎক্ষণিকভাৱে ৰূপায়ণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন : অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তক সম্বৰ্ধনা জ্ঞাপন
সভাৰাম মজুমদাৰলৈ ড° আবু হানিফা সোঁৱৰণী স্মাৰক বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in