সভাৰাম মজুমদাৰলৈ ড° আবু হানিফা সোঁৱৰণী স্মাৰক বঁটা

সভাৰাম মজুমদাৰলৈ ড° আবু হানিফা সোঁৱৰণী স্মাৰক বঁটা

author-image
Asomiya Pratidin
New Update
সভাৰাম মজুমদাৰলৈ ড° আবু হানিফা সোঁৱৰণী স্মাৰক বঁটা

ডিজিটেল সংবাদ,নগাঁও : বৃহস্পতিবাৰে হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস - ২০২৩ উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাতেই কামপুৰৰ বিশিষ্ট সাংবাদিক, শিক্ষাবিদ সভাৰাম মজুমদাৰক ড° আবু হানিফা সোঁৱৰণী স্মাৰক বঁটা প্ৰদান কৰা হয়।

Advertisment

উক্ত সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা,প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা,নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নৱ কুমাৰ মহন্ত, সমিৰুদ্দিন আহমেদ,বিশিষ্ট সাহিত্যিক ৰেজাউল কৰিম,গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, দৈনিক গণ অধিকাৰৰ সঞ্চালক চাহজাহান তালুকদাৰকে ধৰি নগাঁও জিলাৰ ভালে সংখ্যক সাংবাদিক উপস্থিত থাকে।

সভাত উপস্থিত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সাংবাদিক সকলক সদায় মুক্ত আৰু দায়বদ্ধ মনোভাৱেৰে সমাজৰ একো একোজন নিষ্ঠাৱান সেৱক হিচাপে সেৱা কৰি যাবলৈ আহ্বান জনায়।

Also Read: গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

NATIONAL PRESS DAY