/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/553c83d1-0c9f-4250-b55d-081ad48efd92/408.jpg)
তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে বিলাসী বাহন
ডিজিটেল ডেস্ক : গুৱাহাটী প্ৰেছ ক্লাৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশাৰভাগত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়ে ৰৈ থকা দুখনকৈ বাহন। ফলত এ এছ ০১ ডি এফ ৮৫৯৭ আৰ্টিগা আৰু এ এছ ০১ এম ৭৫৮৫ মাৰুতি কাৰ বাহন দুখন ক্ষতিগ্ৰস্ত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে ডাম্পাৰৰ চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকজনক আটক কৰি লতাশিল থানালৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে নিশা হ'লেই আৰম্ভ হয় ডাম্পাৰৰ দৌৰাত্ম।
Also Read: বন্ধুত্ব-প্ৰেম-হত্যা : প্ৰেমিকৰূপী লিভ ইন পাৰ্টনাৰে ল'লে প্ৰেমিকাৰ প্ৰাণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us