মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযানঃ ৩ পাচলিত বিষাক্ত দ্ৰব্য

মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযানঃ ৩ পাচলিত বিষাক্ত দ্ৰব্য

ডিজিটেল ডেস্কঃ মহানগৰীৰ পামহী বজাৰৰ পাচলিত ধৰা পৰিছে বিষাক্ত কীটনাশক দ্ৰব্যৰ উপস্থিতি। খাদ্য সুৰক্ষা বিভাগৰ এক অভিযানত এই তথ্য পোহৰলৈ আহিছে। বিভাগটোৱে বিগত ৫ মে'ত বজাৰখনৰ পৰা নমুনা সংগ্ৰহ কৰাৰ ভিত্তিতেই বিষাক্ত কীটনাশকৰ উপস্থিতি ধৰা পৰে।

উল্লেখ্য মহানগৰীৰ খাদ্য সুৰক্ষা বিভাগে বিভিন্ন বজাৰত পাচলিত সাম্ভাব্য কীটনাশকৰ উপস্থিতি পৰীক্ষা কৰিবলৈ সংগ্ৰহ কৰা নমুনাত পামহীৰ এখন বজাৰৰ পৰা গাজৰ, ভাতকেৰেলা আৰু বেঙেনাৰ নমুনা সংগ্ৰহ কৰাত ধৰা পৰিছে বিষাক্ত কীটনাশকৰ উপস্থিতি। ইয়াৰে গাজৰত ৰেচমিথ্ৰীন (Resmethrin), ভাতকেৰেলাত ক্ল'ৰ'থালনিল (Chlorothalonil) আৰু বেঙেনাত প্ৰছাইমিডন (Procymidone) নামৰ বিষাক্ত দ্ৰব্যৰ উপস্থিতিৰ কথা প্ৰকাশ কৰে খাদ্য সুৰক্ষা বিভাগে।

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে, এই আটাইকেইবিধ কীটনাশক ইমানেই বিষাক্ত যে কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ বাহক হিচাবে পৰিচিত হৈ আহিছে। আনহাতে এই দ্ৰব্যই শিশু, গৰ্ভৱতী মহিলাৰ বাবেও অতিকৈ ভয়ানক বুলি বিভাগটোৱে মত প্ৰকাশ কৰে।

মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায় প্ৰতিখন বজাৰত এতিয়া এইদৰে বিষাক্ত কীটনাশক দ্ৰব্যযুক্ত পাচলি প্ৰতিদিনেই বিক্ৰী হৈ আহিছে, যাৰ প্ৰতি সচেতন নহয় বিভাগীয় কৰ্তৃপক্ষ তথা ক্ৰেতাসকল। এনে পাচলি সেৱনৰ বাবেই মানৱ দেহত ভয়ানক ৰোগে গা কৰি উঠা সময়ে সময়ে বিভিন্ন সূত্ৰত প্ৰকাশ পায়। সেয়েহে ৰাজ্যৰ প্ৰতিখন বজাৰৰ পাচলিৰ নমুনা সংগ্ৰহৰ দ্বাৰা পৰীক্ষা কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল'বলৈ দাবী জনাইছে সচেতন মহলে।

মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযানঃ ৩ পাচলিত বিষাক্ত দ্ৰব্য
নতুন দিল্লীত APCCৰ সভাপতিঃ নিৰ্বাচনী ৰণনীতি তৈয়াৰৰ বাবে সাজু কংগ্ৰেছ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in