বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী উদযাপন

বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা( বৰদলনি) শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম ঘিলামৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱটি অহা ২৮ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। সোণালী জয়ন্তী বৰ্ষ সুন্দৰভাৱে উদযাপন কৰিবলৈ ইতিমধ্যে মূল কমিটি আৰু বিভিন্ন উপ সমিতি গঠন কৰা হৈছে। পশ্চিম ঘিলামৰা অঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যাকো এই উপ সমিতিসমূহত দায়িত্ব দিয়া হৈছে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা উদযাপন সমিতিৰ সম্পাদিকা সোণমাই চেতিয়াই জনোৱা মতে সোণালী জয়ন্তীৰ প্ৰথম দিনা পুৱা গছপুলি ৰোপন কৰিব শিক্ষাবিদ তীৰ্থনাথ বৰুৱাই, মঙ্গল ঘট স্থাপন কৰিব বালিয়নী গাঁৱৰ আয়তী সমাজে, পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি গুণকান্ত বড়া আৰু কাৰ্যকৰী সভাপতি পূৰ্ণানন্দ চেতিয়াই, স্মৃতি তৰ্পন কৰিব অৱসৰী প্ৰধান শিক্ষক অমিয় কুমাৰ হাতীবৰুৱা আৰু সমাজকৰ্মী নৰেন বৰুৱাই।

দুপৰীয়া সাংস্কৃতিক মঞ্চ মুকলি কৰিব লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰৱীন বৰুৱাই আৰু আবেলি ২বজাৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিল্পীৰ দ্বাৰা গীত, নৃত্য কবিতাৰ অনুষ্ঠান আয়োজন কৰিছে। সন্ধিয়াৰ স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সমাজকৰ্মী অনিল কুমাৰ বৰুৱা আৰু লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোঁহায়ে। দ্বিতীয় দিনা পুৱা ছাত্ৰ-ছাত্ৰী আৰু প্ৰৱীন খেলুৱৈসকলৰ ক্ৰীড়া প্ৰতিযোগিতা, নৱনিৰ্মিত স্কুল গৃহৰ শুভ উদ্বোধন কৰিব বৰদৈবাম পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিমান গগৈয়ে, দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নৰ্থ বেংক কলেজৰ অধ্যাপক হৰেন শইকীয়াই, বিয়লি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন আৰু অন্তৰঙ্গ আলাপ আৰু সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শিক্ষক বিপিন কুমাৰ শইকীয়াই।

তৃতীয় দিনাৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ঘিলামৰা শাখা সাহিত্য সভাৰ সভাপতি দণ্ডীধৰ গোঁহায়ে, দুপৰীয়া এক বজাৰ পৰা গুণকান্ত বড়াৰ সভীপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, ঘিলামৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নিৰণ দত্ত, অধ্যাপক ড° শংকৰ পাটোৱাৰী, সোৱণশিৰি কলেজৰ অধ্যক্ষ ড◦ ৰূপেশ্বৰ চেতিয়া, এন চি ডি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ দলে, নৰ্থ বেংক কলেজৰ অধ্যক্ষ ড° যুগল শইকীয়া, সাহিত্যিক ড° কেশৱ হাজৰিকাকে প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

সন্ধিয়া উদীয়মান শিল্পী চৈতন্য চান গগৈৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত দাসে। উদযাপন সমিতিয়ে সমূহ ঘিলামৰাবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।

বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম ঘিলামৰা এম ই স্কুলৰ সোণালী জয়ন্তী উদযাপন
বিশিষ্ট সাহিত্যিক প্ৰণৱ জ্যোতি ডেকা অসুস্থ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in