উত্তৰ-পূববাসী লৈ সুখবৰঃ বন্দে ভাৰত এক্সপ্রেছৰ মুকলি...

উত্তৰ-পূবত যাতায়তৰ ক্ষেত্ৰত নতুন সংযোজন । আজিৰে পৰা গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হ’ল "বন্দে ভাৰত এক্সপ্রেছ"। সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে দিনৰ ১২ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিলে ‘বন্দে ভাৰত এক্সপ্রেছ’ৰ
বন্দে ভাৰত এক্সপ্রেছৰ মুকলি
বন্দে ভাৰত এক্সপ্রেছৰ মুকলি

ডিজিটেল ডেস্কঃ উত্তৰ-পূবত যাতায়তৰ ক্ষেত্ৰত নতুন সংযোজন । আজিৰে পৰা গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হ’ল "বন্দে ভাৰত এক্সপ্রেছ"। সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে দিনৰ ১২ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভ কৰিলে ‘বন্দে ভাৰত এক্সপ্রেছ’ৰ ।

বন্দে ভাৰত এক্সপ্রেছৰ মুকলি
বন্দে ভাৰত এক্সপ্রেছৰ মুকলি

গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলাচল কৰিব লগীয়া এই ৰে'লখনৰ বেগ ৰাজধানী এক্সপেছত অধিক হ'ব । ৰে'লখন ঘন্টাত গতিবেগ প্ৰায় ১১০ কি:মি:। সপ্তাহত ৬ দিন চলিব লগীয়া এই ৰেলখনে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজৰ ব্যৱধান অতিক্ৰম কৰিবলৈ সময় ল'ব প্ৰায় ৫ ঘন্টা ৫০ মিনিট ।

বন্দে ভাৰত এক্সপ্রেছৰ মুকলি
বন্দে ভাৰত এক্সপ্রেছৰ মুকলি

আজিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ৰাজ্য়পাল গোলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি । উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ কালত সকলো দিশতে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যোৱা কথা উল্লেখ কৰে ।

গুৱাহাটী-নিউ জলফাইগুৰিৰ বন্দে ভাৰত এক্সপ্ৰেছৰ সময় আৰু ষ্টপেজ হৈছে (ৰেল নং ২২২২৮)

গুৱাহাটী: বিয়লি ৪:৩০ বজাত

কামাখ্যা: বিয়লি ৪.৪০ বজাত

নিউ বঙাইগাঁও: বিয়লি ৬.৩৫ বজাত

কোকৰাঝাৰ: বিয়লি ৬.৫৬ বজাত

নতুন আলিপুৰদুৱাৰ: বিয়লি ৭.৪৮ বজাত

নতুন কোচবিহাৰ: বিয়লি ৮.০২ বজাত

নিউ জলপাইগুৰি: বিয়লি ১০.০০ বজাত

বন্দে ভাৰত এক্সপ্রেছৰ মুকলি অনুষ্ঠান
বন্দে ভাৰত এক্সপ্রেছৰ মুকলি অনুষ্ঠান
বন্দে ভাৰত এক্সপ্রেছৰ মুকলি
জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in