এইবাৰ প্ৰতিবাদত নামিল অধিবক্তা: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখ কঁপাইছে শতাধিক অধিবক্তাই...

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ সন্মুখতে প্রতিবাদত বহিল অধিবক্তা।

author-image
Asomiya Pratidin
New Update
এইবাৰ প্ৰতিবাদত নামিল অধিবক্তা: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখ কঁপাইছে শতাধিক অধিবক্তাই...

ডিজিটেল ডেস্ক : এইবাৰ প্ৰতিবাদত নামিল অধিবক্তা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ সন্মুখতে প্রতিবাদত বহিল অধিবক্তা। গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ উদ্যোগত এই প্রতিবাদ সাব্যস্ত অধিবক্তাৰ।

Advertisment

উল্লেখ্য বৰ্তমানৰ স্থানৰ পৰা আমিনগাঁৱলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছৰে পৰা ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছে অধিবক্তাই। ইয়াৰ পূৰ্বেও এই সিদ্ধান্তৰ বিৰোধীতা কৰি প্রতিবাদত নামিছিল অধিবক্তা। মঙলবাৰে পুনৰ এই সিদ্ধান্তৰ বিৰোধীতাৰে উচ্চ ন্যায়ালয়ৰ সন্মুখ কঁপাইছে অধিবক্তাসকলে।

অধিবক্তাসকলৰ স্পষ্ট মত কোনো কাৰণতে উচ্চ ন্যায়ালয়ৰ স্থানান্তকৰণক মানি লোৱা নহ'ব। ১৯৪৮ চনতেই প্ৰতিষ্ঠা লাভ কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানাস্তকৰণে সৃষ্টি কৰিব পৰা সমস্যাক লৈ চিন্তিত অধিবক্তাসকল।

Also Read: ইতিহাসৰ পাতত গুৱাহাটী উচ্চ ন্যায়ালয়...

guwahati high court