ইতিহাসৰ পাতত গুৱাহাটী উচ্চ ন্যায়ালয়...

ইতিহাসৰ পাতত গুৱাহাটী উচ্চ ন্যায়ালয়...
ইতিহাসৰ পাতত গুৱাহাটী উচ্চ ন্যায়ালয়...
Published on
Updated on

প্ৰতিবাদত নামিছে ৰাজ্যৰ অধিবক্তাসকল। গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমানৰ স্থানৰ পৰা স্থানান্তৰিত কৰা হ'ব আমিনগাঁৱলৈ। চৰকাৰৰ এই সিদ্ধান্ত মানি ল'ব বিচৰা নাই অধিবক্তা সমাজে। গুৱাহাটী উচ্চ ন্যায়ালয় সন্দৰ্ভত অসম প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰত অসম বিধানসভাত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্ত আছিল অসমত এখন উচ্চ ন্যায়ালয় স্থাপন কৰা। ভাৰত চৰকাৰৰ অধিনিয়ম ১৯৩৫ অনুসৰি ভাৰতৰ গৱৰ্নৰ জেনেৰেলে ১৯৪৮ চনৰ ১ মাৰ্চত অসম উচ্চ ন্যায়ালয় আদেশ ঘোষণা কৰিছিল।

সেই অনুসৰি ১৯৪৮ চনৰ ৫ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কাণিয়াই এই ন্যায়ালয়ৰ দ্বাৰ উদ্বোধন কৰে আৰু ছাৰ ৰণাল্ড ফ্ৰান্সিছ লজক অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত বাক্য পাঠ কৰোৱাইছিল। অসম বিধানসভাত স্বাধীনতাৰ পূৰ্বেই এখন উচ্চ ন্যায়ালয় স্থাপনৰ প্ৰস্তাৱ উত্থাপন হৈছিল।

সেই প্ৰস্তাৱ ১৯৩৭ চনতেই উত্থাপন হৈছিল যদিও সেই সময়ত এই উচ্চ ন্যায়ালয়খন ক'ত হ'ব তাকলৈ বিধানসভাৰ মজিয়াত যুক্তিতৰ্ক চলিছিল। ছাদুল্লা পন্থীয়ে অসম উচ্চ ন্যয়ালয় শ্বিলঙত হ'ব লাগে বুলি যুক্তি দিয়াৰ বিপৰীতে গোপীনাথ বৰদলৈয়ে এই উচ্চ ন্যায়ালয় গুৱাহাটীত হ'ব লাগে বুলি যুক্তি দৰ্শাইছিল।

স্বাধীনতাৰ পাছত অসম হাই ক'ৰ্ট গুৱাহাটীত স্থাপনৰ প্ৰস্তাৱ গৃহীত হয় যদিও অস্থায়ী ভাৱে প্ৰাথমিক অৱস্থাত শ্বিলঙতেই ইয়াৰ কাম-কাজ চলিছিল। ১৯৪৮ ৰ আগষ্টত অসম হাই ক'ৰ্ট শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হয়।

নাগালেণ্ডে পৃথক ৰাজ্য মৰ্যাদা পোৱাৰ পাছত অসম হাই ক'ৰ্টৰ নাম অসম নাগালেণ্ড হাই ক'ৰ্ট কৰা হৈছিল ১৯৬৩ চনৰ ১ ডিচেম্বৰত। ১৯৭২ চনত অসম হাই ক'ৰ্টৰ নাম গুৱাহাটী হাই ক'ৰ্ট বুলি নামাকৰণ কৰা হয়।

গুৱাহাটীত ইয়াৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত যথেষ্ট প্ৰতিবাদ হৈছিল ইয়াৰ নিৰ্মাণৰ বিৰুদ্ধে। তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। সেই উচ্চ ন্যায়ালয় নিৰ্মাণৰ ঠিকা লাভ কৰিছিল গোবিন্দ ভট্টাচাৰ্যই।

যি স্থানত ন্যায়ালয়ৰ ভৱন নিৰ্মাণ কৰা হৈছিল তাত আছিল এটা ক্লাৱ আৰু এখন খেলপথাৰ। সেই ক্লাৱ আৰু খেলপথাৰ ভাঙি হাই ক'ৰ্ট নিৰ্মাণ কৰাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক গুৰুত্ব দিয়া নাছিল মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে।

সেই সময়ত গুৱাহাটীত আজিৰ দৰে যানজট নাছিল। কিন্তু লাহে লাহে গুৱাহাটীত এই সমস্যা ভয়াৱহ হৈ পৰিল। শৰৎ চন্দ্ৰ সিংহ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত লটাশিল খেলপথাৰৰ এটা অংশ উচ্চ ন্যায়ালয়ৰ বাবে অধিগ্ৰহণৰ কথা ভবা হৈছিল।

কিন্তু গুৱাহাটীবাসীৰ প্ৰতিবাদৰ বাবে সেই কাম কাৰ্যকৰী কৰিব পৰা নাছিল সিংহৰ চৰকাৰে। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৬ টা শাখা আছে। দিনক দিনে উচ্চ ন্যায়ালয়ৰ পৰিসৰ বাঢ়ি গৈছে।

গুৱাহাটীৰ মাজমজিয়াত উচ্চ ন্যায়ালয়ৰ সূচাৰু কাম-কাজ সম্ভৱ হয়নে নহয় সিও এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। এনে প্ৰেক্ষাপটত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰকৰণৰ এই প্ৰক্ৰিয়াক সঠিক নহয় বুলি একেষাৰে কৈ দিব নোৱাৰি।

ইতিহাসৰ পাতত গুৱাহাটী উচ্চ ন্যায়ালয়...
এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয় বাওঁহাতৰ খেল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in