বাঁহ শিল্পৰে চিকিৎসক দম্পতীৰ প্ৰশংসনীয় পদক্ষেপ

বাঁহ শিল্পৰে চিকিৎসক দম্পতীৰ প্ৰশংসনীয় পদক্ষেপ

ডিজিটেল সংবাদ,ছয়দুৱাৰ : সৃষ্টিশীল কৰ্মৰাজিৰ মাজত জীৱনৰ মাদকতা বিচাৰি ভাল পোৱা ব্যতিক্ৰমী চিন্তাধাৰাৰ চিকিৎসক দম্পতী। চিকিৎসক দম্পতীৰ নাম ডা০ নৱজ্যোতি তালুকদাৰ আৰু ডা০ এলিনা তালুকদাৰ।

চাকৰি সূত্ৰে গুৱাহাটীৰ পৰা লখিমপুৰ জিলাৰ ধলপুৰলৈ আহে চিকিৎসক দম্পতী। ধলপুৰৰ সমাজ জীৱনৰে একাত্ম হৈ পৰা চিকিৎসক দম্পতীয়ে নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা চিকিৎসা সেৱাৰ উপৰিও বাঁহ শিল্পৰ প্ৰচাৰ,প্ৰসাৰ,উপযুক্ত ব্যৱহাৰ আৰু বাঁহ শিল্পৰ সমাদৰ বৃদ্ধি কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে বিভিন্ন ইতিবাচক পদক্ষেপ।

সমাজত আধুনিক প্ৰযুক্তি বিদ্যাৰ ফলত সৃষ্টি কৰা সামগ্ৰীয়ে থলুৱা সমগ্ৰীক গ্ৰাস কৰি পেলোৱাৰ উপক্ৰম হৈছে। লো,প্লাষ্টিক, ফাইবাৰ আদিৰ ন ন সা-সামগ্ৰীৰ সমাহাৰে থলুৱা সামগ্ৰীৰ আদৰ হ্ৰাস কৰি তোলাৰ সময়ত বাঁহ শিল্পক জনমুখী কৰি তোলাৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে ডা০ নৱজ্যোতি তালুকদাৰ আৰু পত্নী ডা০ এলিনা তালুকদাৰে।

উল্লেখযোগ্য যে,ধলপুৰৰ ডকুৱাত চিকিৎসক দম্পতীয়ে ২০১২-১৩ বৰ্ষত "Mesmerizing Bamboo Fusion" নামেৰে এটা বাঁহৰ শিল্প উদ্যোগ স্থাপন কৰিছিল। ইয়াৰ জৰিয়তে অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে উদ্যোগটোত স্থানীয় আগ্ৰহী পুৰুষ-মহিলা,যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল।

এই উদ্যোগটো ডা০ নৱজ্যোতি তালুকদাৰে মাতৃ বীণাপাণি তালুকদাৰৰ নামত স্থাপন কৰিছিল। এই বাঁহ শিল্প উদ্যোগটোৰ জৰিয়তে পিচলৈ বাঁহৰে তৈয়াৰ কৰা গহণা,সাজ-সজ্জা,ফাৰ্ণিচাৰ,বেগ,খেলনা সামগ্ৰী,মহিলাৰ প্ৰসাধন সামগ্ৰী আদি নিখুঁতভাৱে প্ৰস্তুত কৰি এখন উপযুক্ত বজাৰ দখল কৰিবলৈ সক্ষম হয়।

অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বিদেশতো সমাদৃত হয় এই বাঁহ শিল্পৰ উদ্যোগটোত নিৰ্মিত প্ৰতিটো সা-সামগ্ৰী। জানিবলৈ দিয়া মতে লণ্ডন, ফ্ৰান্স, অষ্ট্ৰেলিয়া, কানাডাকে ধৰি বিদেশৰ বিভিন্ন ঠাইত উদ্যোগটোত নিৰ্মিত বাঁহৰ সামগ্ৰীয়ে বজাৰ দখল কৰি আহিছে।

ডা০ এলিনা তালুকদাৰে কয় 'প্ৰতিদিনেই উদ্যোগটোৰ পৰা বাঁহৰ সামগ্ৰী বিক্ৰী হৈ আহিছে।' এনেদৰে উদ্যোগটোৰ বাঁহ শিল্পই এক গতি লাভ কৰাৰ পিচত তেওঁলোকে বাঁহৰে নিৰ্মাণ কৰি উলিয়াই ধলপুৰ হোমষ্টে' নামেৰে এখন ৰিজৰ্ট।

যোৱা প্ৰায় ডেৰ দুবছৰৰ পূৰ্বে বাঁহ শিল্পৰ উদ্যোগটোৰ চৌহদত আৰম্ভ কৰা এই বাঁহৰ হোমষ্টেত বাঁহৰে শিশুৰ ওমলা সামগ্ৰী, নিশা যাপনৰ সুবিধা আৰু থলুৱা তথা বিদেশী খাদ্য সম্ভাৰৰ জুতি লোৱাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলে। বাঁহৰ শিল্প কলাৰ নিখুঁট ব্যৱহাৰেৰে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰি বাঁহ শিল্পক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা Mesmerizing Bamboo Fusion আৰু ধলপুৰ Homestay Resortখনে সকলোকে হাত বাউলি দি মাতে।

ধলপুৰ চেন্টাৰৰ মধ্যস্থলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫০০/৬০০ মিটাৰ দক্ষিণলৈ সোমাই গ'লেই পোৱা যায় এই বাঁহ শিল্পৰ উদ্যোগটোৰ লগতে বাঁহৰ ৰিজৰ্টখন। Homestay ৰিজৰ্টখনত শিশুৰ মনোৰঞ্জনৰ বাবে কেৱল বাঁহেৰেই নিৰ্মাণ কৰি উলিয়াইছে খেল-ধেমালিৰ সামগ্ৰী।

বাঁহেৰে তৈয়াৰী ওলমা দলঙেয়ো এক আকৰ্ষণ বৃদ্ধি কৰি তুলিছে Homestayখনৰ।খেলা-ধূলা, বাঁহৰে তৈয়াৰী বিভিন্ন কাৰুকাৰ্য উপভোগ কৰা,বাঁহেৰে নিৰ্মিত ঘৰত নিশা যাপনৰ সু ব্যৱস্থা থকা Homestay খনত পৰম্পৰাগত বিভিন্ন থলুৱা খাদ্য সামগ্ৰীৰ জুতি লোৱাৰো সুবিধা আছে।

বাঁহেৰে নিৰ্মিত আটকধুনীয়া চাংঘৰৰ সু-সজ্জিত পৰিৱেশত বহি প্ৰাকৃতিক পৰিৱেশৰ ৰূপ ৰং উপভোগ কৰাৰো সু ব্যৱস্থা আছে Homestayখনত। কোনো দূৰণিবটিয়া লোক অথবা কোনো পৰিয়ালৰ নিশা যাপনৰ বাবে ৰখা হৈছে বাঁহেৰে নিৰ্মিত আটকধুনীয়া কোঠা। এক কথাত ক'বলৈ নিজৰ সন্তানসহ পৰিয়ালৰ সদস্যৰ সৈতে অৱসৰ বিনোদন কৰাৰ সকলো সুবিধাই উপলব্ধ আছে ধলপুৰৰ Homestayত।

উল্লেখযোগ্য যে চৰকাৰী চিকিৎসালয়খত নিৰ্ধাৰিত সময় অনুসৰি নিয়মিত চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক দম্পতীয়ে ব্যক্তিগত চেম্বাৰ কিম্বা ব্যক্তিগত নাৰ্চিং হোমত অতিৰিক্ত মাননীৰ বিনিময়ত চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত আগ্ৰহী নহয় বুলি মন্তব্য কৰে। ইয়াৰ বিপৰিতে আজৰি সময়ত বাঁহ শিল্পৰে জড়িত হৈ সৃষ্টিশীল কৰ্মৰাজিৰ মাজত জড়িত হৈ থাকে তেওঁলোক।

এই বাঁহশিল্পৰ উদ্যোগটোৱে অঞ্চলটোত এক শিল্প বিপ্লৱৰ সূচনা কৰাৰ লগতে স্থানীয় বহু উদ্যোগী পুৰুষ-মহিলা, যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ বাটো মোকোলাইছে।ভৱিষ্যতে বৃহত্তৰ ধলপুৰ অঞ্চলক বাঁহ আৰু কৃষিৰ পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যথেষ্ট হেঁপাহ পুহি ৰাখিছে তেওঁলোকে।

Advance Society For Sustainable Agriculture চমুকৈ ASSA নামৰ এটি এন জি অ'ৰ লগত জড়িত ডা০ নৱজ্যোতি তালুকদাৰ আৰু ডা০ এলিনা তালুকদাৰে এই এন জি অ'টোৰ জৰিয়তে অৰ্গেনিক ফাৰ্মিং, প্লেনটেছন,হাৰ্বেল মেডিচাইন,হেল্থ ইডুকেছন,অ'মেন হেল্থ আৰু ভিলেজ টুৰিজিমৰ ওপৰত বিভিন্ন কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে।

বাঁহ শিল্পৰে চিকিৎসক দম্পতীৰ প্ৰশংসনীয় পদক্ষেপ
কঠীয়াতলীত ফটোগ্ৰাফী আৰু চিত্ৰগ্ৰহণ কৰ্মশালা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in