/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/555712f7-e115-45d1-bc05-c9e6190c937c/AP_FOR_WEB_guwahati.jpg)
ডিজিটেল ডেস্কঃ এজাক বৰষুণৰ পাছতেই গুৱাহাটীত হাহাকাৰময় পৰিস্থিতি। মহানগৰীৰ কেইবাটাও স্থানত একাঁঠু পৰ্যন্ত পানী। হাতীগাঁও, বেলতলা আদি বিভিন্ন স্থান এজাক বৰষুণৰ পাছতেই জলমগ্ন হৈ পৰিছে।
উল্লেখ্য যে, কেইবাদিনো ধৰি বৃদ্ধি হোৱা গৰমৰ প্ৰকোপে দহিছিল ৰাজ্য। এজাক বৰষুণৰ বাবে অপেক্ষা কৰি আছিল গুৱাহাটীবাসী। কিন্তু তাৰ পাছতেই অহা এজাক বৰষুণৰ পাছত এতিয়া ভীষণ সমস্যাত একাংশ। বহুতৰ ঘৰতো সোমাইছে কৃত্ৰিম বানৰ পানী।
জাইকাই পানী প্ৰকল্পৰ নামত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত গাত খান্দি ৰাখিছে। যাৰ বাবে এই গাত সমূহ এতিয়া মৰণাণ্ডলৈ পৰিণত হৈছে। এজাক বৰষুণৰ পাছতে গাত সমূহ পানীৰে ভৰি পৰিছে। এই গাত সমূহত সোমাই পৰিছে স্কুটি আন বাহন আদি। ইয়াৰোপৰি বৃহস্পতিবাৰে জাইকাই খান্দি থোৱা গাতৰ বাবেই প্ৰাণ গৈছিল এগৰাকী ছাত্ৰীৰ।
প্ৰাণ লোৱা পাছতো শিক্ষা লোৱা নাই জাইকাই। প্ৰকল্পৰ নামত গাত খান্দে ঠিকেই, কিন্তু সেই গাতসমূহ পুতি দিয়াৰ কোনো ব্যৱস্থা নলয় জাইকাই। তদুপৰি এজাক বৰষুণ পাছতেই যদি এনে অৱস্থা হয় তেন্তে পৰৱৰ্তী সময়ত গুৱাহাটী যে মৃত্যু গহ্বৰলৈ পৰিণত হ'ব সেয়া নিশ্চিত।
Also Read: ওড়িশাত বেলিষ্টিক মিছাইল 'অগ্নি প্ৰাইম'ৰ সফল পৰীক্ষণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us