চাকৰি প্ৰদানৰ নামত মহানগৰীত ভুৱা প্ৰতিষ্ঠানঃ লাখে লাখে সৰকাইছে টকা

চাকৰি প্ৰদানৰ নামত মহানগৰীত ভুৱা প্ৰতিষ্ঠানঃ লাখে লাখে সৰকাইছে টকা

ডিজিটেল সংবাদ, মেৰাপানীঃ চাকৰি প্ৰদানৰ নামত গুৱাহাটীৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানে লুটিছে নিবনুৱা যুৱক-যুৱতীৰ পৰা লাখ লাখ টকা। গুৱাহাটীৰ ছয়মাইলস্থিত চলিউশ্যন চাৰ্ভিচ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ১০০ শতাংশ গেৰাণ্টিসহ ভাৰতীয় ডাক বিভাগৰ নামত বিজ্ঞাপন প্ৰকাশ কৰি নিবনুৱা যুৱক-যুৱতীৰ পৰা লাখে লাখে টকা সৰকালে।

ইফালে মেৰাপানীৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা বন্ধন বেংকত চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰি ৫০০ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ বিৰুদ্ধে। ঘটনাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সন্দেহ ওপজাত স্থানীয় ডাকঘৰত খবৰ কৰাতহে সমগ্ৰ ঘটনাটো ভুৱা বুলি পোহৰলৈ আহে।

উল্লেখযোগ্য যে বিত্তীয় প্ৰতিষ্ঠানটোৱে ৪০ দিনৰ ভিতৰত চাকৰি নহ'লে পইচা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি দুখীয়া-দৰিদ্ৰ নিবনুৱা ছাত্ৰ-ছাত্ৰীৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাক লৈ মেৰাপানীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

চাকৰি প্ৰদানৰ নামত মহানগৰীত ভুৱা প্ৰতিষ্ঠানঃ লাখে লাখে সৰকাইছে টকা
শীৰ্ষত কাঞ্চনজুৰি : ১৯ খন চাহবাগিছাই অমান্য কৰিলে নগাঁৱৰ আয়ুক্তৰ নিৰ্দেশ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in