শীৰ্ষত কাঞ্চনজুৰি : ১৯ খন চাহবাগিছাই অমান্য কৰিলে নগাঁৱৰ আয়ুক্তৰ নিৰ্দেশ

শীৰ্ষত কাঞ্চনজুৰি : ১৯ খন চাহবাগিছাই অমান্য কৰিলে নগাঁৱৰ আয়ুক্তৰ নিৰ্দেশ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ অধীনৰ ১৯খন চাহ বাগিছাই অমান্য কৰিলে নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নিৰ্দেশ ৷ আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰে বহি ২৪খন বৃহৎ চাহ বাগিছাই আগন্তুক দুৰ্গা পূজাৰ আগত ২০% বোনাছ শ্ৰমিকক প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেই মৰ্মে ১০ অক্টোবৰৰ শেষ দিন নিৰ্ধাৰণ কৰি দিয়া হৈছিল ৷ ১০ অক্টোবৰৰ দিন নিৰ্ধাৰণ কৰাৰ পিছত ৫খন চাহ বাগিছাইহে শ্ৰমিকক বোনাছ প্ৰদান কৰিলে ৷ ১৯খন বাগিছাই নিৰ্দিষ্ট দিনৰ ভিতৰত শ্ৰমিকক আয়ুক্ত নিৰ্দেশৰ পিছটো বোনাছ প্ৰদান নকৰিলে ৷

জানিব পৰা মতে আয়ুক্তৰ নিৰ্দেশ অমান্য কৰা বাগিছাৰ ভিতৰত শীৰ্ষত আছে কাঞ্চনজুৰি চাহ বাগিছা ৷ বাগিছাখনে শ্ৰমিকসকলক বোনাছ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ কথাও ৰাজহুৱা কৰা নাই ৷ আয়ুক্তৰ নিৰ্দেশৰ কথাটো দূৰৰে কথা শ্ৰমিকক কিমান বোনাছ দিব সেই কথাও ১০ অক্টোবৰলৈকে ঘোষণা কৰা নাই ৷ আয়ুক্তৰ নিৰ্দেশ মতে বোনাছ প্ৰদান কৰা বাগিছা কেইখন হৈছে শালনা চাহ বাগিছা, বৰপানী চাহ বাগিছা, কন্দলি চাহ বাগিছা, ৰাঙলু চাহ বাগিছা আৰু খাতুন চাহ বাগিছা ৷ শ্ৰমিকক প্ৰদান কৰিব লগা ২০% শতাংশৰ ৮.৩৩ শতাংশ হৈছে বোনাছ আৰু বাকী ১১.৬৭ শতাংশ হৈছে এক্সগেচিয়া (Ex-gratis) ৷

শ্ৰমিক-কৰ্মচাৰীৰে হোৱা আলোচনাৰ মৰ্মে আন ১৫ খন চাহ বাগিছাই বোনাছ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৷ কিছু সমস্যাৰ বাবে ২০ অক্টোবৰৰ আগত বোনাছ প্ৰদান কৰিব ৷ অৱশ্যে বুঢ়াপাহাৰ চাহ বাগিছাই পূৰ্বৰ দৰে কালিপূজা আৰু মাঘ বিহুত বোনাছ প্ৰদান কৰিব ৷ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়া অসম চাহ নিগম লিমিটেডৰ তিনি বাগিছা আমলখি, লুংচুঙ আৰু দিজুভেলী চাহ বাগিছাৰ বোনাছ ৰাজ্য চৰকাৰে দিব বুলি ঘোষণা কৰিছে ৷ চৰকাৰে ৩০ বছৰৰ বাবে লীজত দিয়া বোকাহোলা টি কোম্পানীক বোনাছৰ ধন প্ৰদান কৰিব ৷ কোম্পানীয়ে সেই ধন শ্ৰমিকক প্ৰদান কৰিব ৷ কিন্তু চৰকাৰে বোনাছৰ ধন প্ৰদানৰ কথা ঘোষণা কৰিছে যদিও বোনাছৰ বাবে কোনো ধন মোকলাই দিয়া নাই ৷

ইফালে তিনিখন চাহবাগিছাৰ বোনাচৰ বিষয়টো অমীমাংসিত হৈ আছে ৷ চিকনি চাহ বাগিছাই সৰ্বমুঠ ৮.৩৩ % শতাংশহে বোনাছ দিব বিছাৰিছে যদিও শ্ৰমিকে সেই ধন গ্ৰহণ কৰিব বিচৰা নাই ৷ জিয়াজুৰি চাহ বাগিছাই ১৫শতাংশ দিব বিচাৰিছে যদিও শ্ৰমিকে গ্ৰহণ কৰিব বিচৰা নাই ৷ বিজেপিৰ এজন বিধায়কে ক্ৰয় কৰা চাপানালা চাহ বাগিছাটো অচলাবস্থা ৷ ১২% শতাংশ বোনাছ বিধায়কজনে দিব বিচাৰিছে যদিও শ্ৰমিকে সেই বোনাছ ল'ব বিচৰা নাই ৷

শীৰ্ষত কাঞ্চনজুৰি : ১৯ খন চাহবাগিছাই অমান্য কৰিলে নগাঁৱৰ আয়ুক্তৰ নিৰ্দেশ
আফগানিস্তানত ভূমিকম্পৰ ধ্বংসলীলাঃ দুটা দিনত চাৰিবাৰকৈ জোকাৰিল ভূমিকম্পই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in