/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f26f9fe5-d551-4a1e-a187-1db02564a7c0/Naat.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত নৱ গঠিত নাট্য সংগঠন আমাৰ নাটঘৰৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা। যোৱা ৯ জুলাইৰ পৰা ২৮ জুলাইলৈ মৰ্ডান হাইস্কুল (চিনিয়ৰ ছেকেণ্ডেৰী)ৰ সহযোগত এই কৰ্মশালাখনি আয়োজন কৰা হৈছিল।
উক্ত কৰ্মশালাৰ এটি প্ৰযোজনা আছিল "সেউজী ধৰণী"। ২৯ জুলাইৰ সন্ধিয়া ২ নং মঠঘৰীয়াস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি-সংস্কৃতি বিকাশ কেন্দ্ৰৰ স্থায়ী মঞ্চত সেউজী ধৰণীৰ দুটি প্ৰদৰ্শনীৰ মঞ্চস্থ কৰা হয়। কানাড়া নাট্যকাৰ ইন্দিৰা অনন্ত কৃষ্ণননৰ মূল নাটৰ ইংৰাজী ভাষান্তৰ The Good Earthৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ অসমীয়া অভিযোজিত নাটখনিৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট সত্ৰীয়া শিল্পী কনক হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে গেট হস্পিটালৰ মুৰব্বী ডাঃ বেদব্রত পাঠকে।
আনহাতে অনুষ্ঠানতে নাট্য সন্ধিয়া উপলক্ষে প্রকাশ কৰা ঘনশ্যাম দাস সম্পাদিত স্মৃতিগ্রন্থ "সেউজী ধৰণী" উন্মোচন কৰে আমাৰ নাটঘৰৰ সভাপতি হৰগোবিন্দ মহন্তই। দিলীপ গোস্বামীৰ পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ নাটখনিত বিভিন্ন জীৱ-জন্তু, চৰাই, মানুহ আদিৰ ভূমিকাত সাৱলীল অভিনয়েৰে দৰ্শকক আপ্লুত কৰা প্ৰশিক্ষাৰ্থীসকল আছিল হিয়াস্মিতা গোস্বামী, গৌৰৱ সিং, কাচভি কাশ্যপ, জিজ্ঞাসা কলিতা, গীতাশ্রী চৌধুৰী, জিদান ঠাকুৰীয়া, ৰাজলীনা দাস, হৃদয়ন মজুমদাৰ, নিমিষা কলিতা, দেৱাশ্রী বৈশ্য, নিভা কলিতা, ভূয়সী ফুকন, কৃষ্ণিকা বৰা, তন্ময়জ্যোতি পাঠক, দীক্ষিতা ঠাকুৰীয়া, আকাশ বৰ্মন, বৰ্ণিল গোস্বামী আৰু খ্যাতিপর্ণা দত্ত।
নাটকৰ নেপথ্যৰ সহযোগীসকল আছিল- গীতৰ সুৰ- হুমায়ুন চৌধুৰী, কণ্ঠ ভাৰ্গৱ বর্মন, অভ্রমন কাশ্যপ, তনুশ্রী দাস, নৃত্য সংৰচনা- সুমন পাঠক, আবহ সংগীত কুলদীপ তালুকদাৰ, বাদ্য যন্ত্রত- হিতেশ ডেকাৰ দল, পোহৰ আৰু শব্দ জয়ন্ত আৰু অৰূপ, মুখা আৰু সাজ সজ্জা- পৰেশ ভূঞা আৰু মধুজিৎ লস্কৰ, ৰূপসজ্জা - লিকি কলিতা, চন্দ্ৰাস্মিতা গোস্বামী, পৰিচালনা সহযোগী হিৰেন্দ্র কুমাৰ পাঠক আৰু ধীৰেন তালুকদাৰ, মনোজ কুমাৰ নাথ।
প্রিণ্টিং আৰু প্ৰচাৰ দ্বীবন কুমাৰ বৈশ্য, জিতুমনি ডেকা আৰু গোকুল তালুকদাৰৰ। মর্ডান হাইস্কুলত অনুষ্ঠিত কৰ্মশালাৰ সমল ব্যক্তিসকল আছিল- নাট্যকাৰ পৰিচালক নৰেন পাটগিৰি, দ্বিপজ্যোতি কাকতি, পৰাগ শৰ্মা, ধীৰাজ মজুমদাৰ, হিৰেন্দ্ৰ কুমাৰ পাঠক, চিত্রশিল্পী কিশোৰ কুমাৰ দাস, চলচিত্র কর্মী সমীৰ জ্যোতি বৈশ্য কর্মশালা সমন্বয়ক দিলীপ গোস্বামী। দুয়োটা নাট্য সন্ধিয়াত বৃহত্তৰ মঠঘৰীয়া অঞ্চলৰ দৰ্শকৰ উৎসাহে শিশু শিল্পীসকলৰ লগতে আমাৰ নাটঘৰৰ উদ্দ্যোক্তা সকলকো অনুপ্ৰাণিত কৰিছিল।
Also Read: বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণঃ অভিজিত ঘোষৰ বিৰুদ্ধে গোচৰ ৰুজু মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us