বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণঃ অভিজিত ঘোষৰ বিৰুদ্ধে গোচৰ ৰুজু মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ...

বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণঃ অভিজিত ঘোষৰ বিৰুদ্ধে গোচৰ ৰুজু মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ...

ডিজিটেল ডেস্কঃ দৰং জিলাৰ মঙলদৈস্থিত মহৰ্ষি বিদ্যামন্দিৰত ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে মহৰ্ষি বিদ্যামন্দিৰৰ কৰ্তৃপক্ষই। বিদ্যালয়খনত যোগ প্ৰশিক্ষণ, নিচামুক্ত সমাজ গঢ়া আৰু এই সন্দৰ্ভত আলোচনাৰ নামত অনুমতি লৈ ইয়াৰ পৰিৱৰ্তে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল হিন্দুত্ববাদী সংগঠনটোৱে।

সেয়ে বিদ্যালয়খনৰ পৰা ভুৱা উদ্দেশ্যৰে অনুমতি লোৱা অভিজিত ঘোষ নামৰ নেতাজনৰ বিৰুদ্ধে মঙলদৈ সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে বিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে, বজৰং দলৰ এই অস্ত্ৰ প্ৰশিক্ষণৰ দৃশ্য ভাইৰেল হৈ পৰা পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য সৃষ্টি হৈছিল।

ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছিল। বিদ্যালয়খনত যোগ প্ৰশিক্ষণ, নিচামুক্ত সমাজ গঢ়াৰ আলোচনাৰ বাবে অনুমতি লৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ চলিছিল।

নিচামুক্ত সমাজ গঢ়াৰ আলোচনাৰ নামত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ চলিছিল মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত। কিন্তু প্ৰকৃততে এই কাৰ্যকলাপৰ বাবে কোনো অনুমতি লোৱা নাছিল সংগঠনটোৱে।

তাৰ পাছতো ৪ দিন ধৰি চলিছিল বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ। পোহৰলৈ অহা তথ্য অনুসৰি বিদ্যালয়খনৰ পৰা অনুমতি লৈছিল অভিজিত ঘোষ নামৰ এজন যুৱকে। মঙলদৈৰ এই যুৱকজনৰ অনুমতিৰ আধাৰতেই বজৰং দলৰ শিবিৰ চলিছিল প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা মালিকানাধীন বিদ্যালয়খনত।

ঘটনাৰ সবিশেষ পোহৰলৈ অহাৰ পাছতে এতিয়া মোবাইল ফোন অফ কৰি আত্মগোপন কৰি আছে অভিজিত ঘোষে। আনহাতে বজৰং দলৰ এই অবৈধ কাৰ্যসূচী কিদৰে বিদ্যালয়খনত অনুষ্ঠিত হ'বলৈ পালে সেই সন্দৰ্ভত আৰক্ষীয়ে জেৰা চলাইছে বিদ্যালয়খনৰ অধ্যক্ষ আৰু প্ৰশাসনিক বিষয়াগৰাকীক।

ইয়াৰ পাছতে অধ্যক্ষ হেমন্ত পায়েং আৰু প্ৰশাসনিক বিষয়া ৰতন দাসে অভিজিত ঘোষৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ । আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত দৰং জিলা আৰক্ষী অধীক্ষকক গোচৰ ৰুজু কৰাৰো নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণঃ অভিজিত ঘোষৰ বিৰুদ্ধে গোচৰ ৰুজু মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ...
পূৰ্ণ গতিত চলি আছে গৰু ছিণ্ডিকেট ! গুৱাহাটীৰ ৰাজপথত ট্ৰাকৰ ভিতৰত ১২ টা মৃত গৰু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in