মহানগৰীৰ চাইবাৰ ক্ৰাইমঃ তিনি মাষ্টাৰ মাইণ্ডক জেৰা, বিটকইনত বিনিয়োগ কৰা ধন জব্দ...

মহানগৰীৰ চাইবাৰ ক্ৰাইমঃ তিনি মাষ্টাৰ মাইণ্ডক জেৰা, বিটকইনত বিনিয়োগ কৰা ধন জব্দ...

author-image
Asomiya Pratidin
New Update
 বহিঃৰাজ্যৰ ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাৰ

মহানগৰীৰ চাইবাৰ ক্ৰাইমঃ তিনি মাষ্টাৰ মাইণ্ডক জেৰা, বিটকইনত বিনিয়োগ কৰা ধন জব্দ...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত কল চেণ্টাৰ খুলি বিশ্বজুৰি চাইবাৰ অপৰাধৰ জাল পেলোৱা চক্ৰ উৎখাট হোৱাৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই ঘটনাৰ তদন্ত অব্যাহত ৰখা চি বি আইয়ে এই চাইবাৰ অপৰাধৰ সৈতে জড়িত ৩ টাকৈ মাষ্টাৰ মাইণ্ডৰ সম্পত্তি জব্দ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নিউ গুৱাহাটীৰ মনো মটৰ্ছৰ গাতে লাগি থকা কল চেণ্টাৰৰ পৰা বিশ্বজুৰি জাল পেলোৱা অপৰাধী চক্ৰটোৰ মাষ্টাৰ মাইণ্ড আছিল দিব্যম অৰোৰা, ৰাজন চিদানা ডেভিড দে'। এই তিনিওটা অপৰাধীৰে সম্পত্তিৰ পৰিমাণে চকু কপালত তুলিছিল তদন্তকাৰী বিষয়াৰ।

চি বি আইয়ে এই গোটেই চক্ৰটোৰ বিৰুদ্ধে চলাই থকা অভিযানৰ মাজতে দিব্যম, ৰাজন আৰু ডেভিডৰ সকলো তথ্য ইডিলৈ হস্তান্তৰ কৰিছে। এই তিনিওৱে কেৱল অসম তথা ভাৰততে নহয়, ডুবাইৰ দৰে ঠাইতো ক্ৰয় কৰিছিল সম্পত্তি।

ইয়াৰোপৰি এই তিনিও প্ৰৱঞ্চকে বিটকইনত বিনোয়গ কৰিছিল ধন। এই সকলো ধন জব্দ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। ঘটনা সন্দৰ্ভত চি বি আইয়েও ফ্ৰান্স, আমেৰিকাৰ ভুক্তভোগীৰ তথ্য পৰীক্ষা কৰিছে। ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত থকা এই অপৰাধী কেইটাৰ জেৰা অব্যাহত আছে। সোমবাৰে পুৱাৰে পৰা যুটীয়া আৰক্ষী আয়ুক্তই তিনিওটাকে চলাইছে জেৰা।

Also Read: ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ

চাইবাৰ ক্ৰাইম