ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ

ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ

ডিজিটেল ডেস্কঃ অব্যাহত আছে মহানগৰীৰ কল চেণ্টাৰত ক্রাইম ব্রাঞ্চৰ অভিযান। অভিযানত এই পৰ্যন্ত ক্রাইম ব্রাঞ্চৰ জালত পৰিছে শতাধিক চাইবাৰ অপৰাধী। মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ।

জানিব পৰা অনুসৰি নুনমাটি আৰক্ষীয়ে ৫টা চাইবাৰ অপৰাধীক গ্রেপ্তাৰ কৰি ক্রাইম ব্রাঞ্চলৈ নিয়াৰ সমান্তৰালভাবে কেৱল চান্দমাৰী আৰু নুনমাটি আৰক্ষীয়েই গ্রেপ্তাৰ কৰিছে মুঠ ৩১টাকৈ অপৰাধীক। ইপিনে এ বি চিৰ জুপিতৰা পেলেচত বৰ্তমানেও ক্রাইম ব্রাঞ্চৰ অভিযান অব্যাহত আছে।

খবৰ অনুসৰি ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে ভয়ংকৰ কাণ্ডটোৰে জড়িত ৩ মাষ্টাইমাইণ্ড। মাষ্টাইমাইণ্ডকেইগৰাকী ক্ৰমে ডেভিদ দে(৩১), ৰাজন সিদানা (৩৯) আৰু দিব্যম আৰোৰা (৩১)। আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি এই পৰ্যন্ত ৫২গৰাকীকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে।

গ্ৰেপ্তাৰ হোৱা ৩ মাষ্টাইমাইণ্ড
গ্ৰেপ্তাৰ হোৱা ৩ মাষ্টাইমাইণ্ড

উল্লেখ্য যে, প্রৱঞ্চক চক্রৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে নিশাৰ ভাগতেই অভিযান আৰম্ভ কৰে। নিশাৰ পৰাই এ বি চিস্থিত জুপিটাৰ পেলেচৰ কল চেণ্টাৰত অভিযান চলাই চেণ্টাৰটোত নিয়োজিত ৫জন লোকক আটক কৰিছিল। অৰিন্দম সিনহা নামৰ এজন লোকে উক্ত চেণ্টাৰটো চলাইছিল বুলি জানিব পৰা গৈছে। চেণ্টাৰটোৱে বহু যুৱক-যুৱতীক ৮-১০ হাজাৰ টকাত নিয়োজিত কৰিছিল। চেণ্টাৰটোৰ পৰাই আৰক্ষীয়ে এখন দীঘলীয়া তালিকা প্রস্তুত কৰি অভিযান আগবঢ়ায়।

ক্রাইম ব্রাঞ্চলৈ সোঁত বৈছে চাইবাৰ অপৰাধীৰ
অভি-নীল হত্যাকাণ্ডঃ লেহেমীয়া গতিত বিচাৰ প্ৰক্ৰিয়া, উদ্বিগ্ন দুই পৰিয়াল

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in