বাক্সাত আধুনিক কৃষিযন্ত্ৰ উদ্ধোধন জিলা আয়ুক্তৰ

বাক্সাত আধুনিক কৃষিযন্ত্ৰ উদ্ধোধন জিলা আয়ুক্তৰ

ডিজিটেল সংবাদ, মুছলপুৰঃ পূৰ্বতে আমাৰ মাজৰ বহু কৃষকে মিলেট ধানৰ খেতি কৰিছিল যদিও ধানৰ পৰা চাউললৈ ৰূপান্তৰিত কৰা (মিলিং)ৰ অসুবিধাৰ বাবে এই বিধ খেতিৰ বিলুপ্তি ঘটিছিল। কিন্তু শেহতীয়াভাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ধানৰ উপকাৰিতাৰ কথা জানিব পাৰি সমগ্ৰ দেশৰ কৃষকক মিলেট অৰ্থাৎ কণী ধানৰ খেতিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বাক্সাৰ পমুৱাপথাৰত ৫ বিঘা কৃষি ভূমিত এন জি অৰ উদ্যোগত আৰু বাক্সা জিলা কৃষি বিভাগৰ সহযোগত আৰম্ভ কৰে এই ধানৰ খেতি। মিলেট ধান চপোৱাৰ পাছত ধানৰ পৰা চাউল কৰাৰ বাবে পূৰ্বতে হোৱা কৃষকৰ সমস্যা দূৰ কৰাৰ বাবে সোমবাৰে কৃষকৰ মাজত মিলেট ধান বনা মেচিন আনুষ্ঠানিকভাবে উদ্ধোধন কৰে বাক্সা জিলা আয়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনে ।

এই অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া দুলাল দাস, কেভিকেৰ মিলেট বিষয়বস্তু বিশেষজ্ঞ সুনিল ভট্টাচাৰ্য, এক্সিচ ডেভেলপমেণ্ট চাৰ্ভিচেচৰ মেনেজাৰ মোহিত শৰ্মা, নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক উৎপল শৰ্মা, লিড বেংক মেনেজাৰ প্ৰাঞ্জল দাসকে ধৰি কেইবাগৰাকী বিষয়া ।

বাক্সাত আধুনিক কৃষিযন্ত্ৰ উদ্ধোধন জিলা আয়ুক্তৰ
ৰণস্থলীলৈ পৰিণত হ'ল চিলাপথাৰ; প্ৰচণ্ড মাৰপিটত আহত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in