/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/13ae535a-4057-4e02-af01-b48d2479de0a/City_bus.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহানগৰীৰ বাট-পথৰ পৰা আঁতৰিব ১০৯ খন কৈ চিটি বাছ। এক জাননী যোগে এই কথা সদৰি কৰে মহানগৰীৰ পৰিবহণ বিভাগে।
মহানগৰীত সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ বাবে এই সিদ্ধান্ত পৰিবহণ বিভাগৰ। মহানগৰীৰ বাট-পথত চলাচল কৰি থকা প্ৰায় ৫০০ খন চিটি বাছৰ ১০৯ খন চিটি বাছ চলাচল কৰাৰ সলনি ৰখাই থব লাগিব খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰত।
আনহাতে যান-জঁট নিয়ন্ত্ৰণৰ বাবে লোৱা এই সিদ্ধান্তত এতিয়া ক্ষোভিত হৈ পৰিছে চালক তথা মালিকসকল। যান-জঁট নিয়ন্ত্ৰণৰ নামত এয়া নাভ্ৰুত-নাশ্ৰুত ঘটনা বুলি প্ৰকাশ কৰে চালক তথা মালিক সন্থাই।
Also Read: গোলাঘাটত থলুৱা প্ৰজাতিৰ মাগুৰ মাছৰ কৃত্ৰিম প্ৰজনন কৌশলৰ প্ৰশিক্ষণ...