গোলাঘাটত থলুৱা প্ৰজাতিৰ মাগুৰ মাছৰ কৃত্ৰিম প্ৰজনন কৌশলৰ প্ৰশিক্ষণ...

গোলাঘাটত থলুৱা প্ৰজাতিৰ মাগুৰ মাছৰ কৃত্ৰিম প্ৰজনন কৌশলৰ প্ৰশিক্ষণ...

ডিজিটেল সংবাদ, গোলাঘাট : ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ (DST) Women Scientist-B প্ৰকল্পৰ অধীনত তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত গোলাঘাটৰ বেঙেনাখোৱা গাঁৱত থলুৱা প্ৰজাতিৰ "মাগুৰ মাছৰ কৃত্ৰিম প্ৰজননৰ কৌশল” প্ৰশিক্ষণ শিবিৰ সম্পন্ন কৰা হয়। ১০ আৰু ১১ জুনত দুদিনীয়াকৈ সম্পন্ন কৰা হয় এই শিবিৰ।

প্ৰশিক্ষণৰ মুখ্য আয়োজক হ'ল তেজপুৰ বিশ্ববিদ্যালয়ৰ ডি এছ টি মহিলা বিজ্ঞানী ড° মৃগাক্ষী বৰা ৷ ড° বৰাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড° আশালতা দেৱীৰ তত্বাৱধানত এই প্ৰকল্পৰ কাম-কাজ নিয়াৰিকৈ আগবঢ়াই নিছে ৷ গোলাঘাটৰ বেঙেনাখোৱা গাঁৱৰ উদ্যমী মীন পালক উৎপল বৰাৰ বাসগৃহত আয়োজিত প্ৰশিক্ষণটোত গোলাঘাটৰ দহখন গাঁৱৰ ২২ গৰাকী মীনপালনৰ ইচ্ছুক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

এই প্ৰশিক্ষণৰ বিষয় বিশেষজ্ঞ হিচাবে বিশিষ্ট বিজ্ঞানী গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যলয়ৰ প্ৰাণী বিভাগৰ মুৰব্বী অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰিমেন বৰদলৈ উপস্থিত থাকে৷ প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলে ড° বৰদলৈৰ সহযোগত “মাগুৰ মাছৰ কৃত্ৰিম প্ৰজননৰ কৌশল"সমূহ সবিস্তাৰে আয়ত্ত কৰে আৰু অনাগত সময়ত অঞ্চলটোত এনে প্ৰশিক্ষণ দিলে মীনপালকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে ৷

ড° মৃগাক্ষী বৰাই জানিবলৈ দিয়ে যে, এই প্ৰশিক্ষণৰ মূল উদেশ্য হৈছে গোলাঘাটৰ বিভিন্ন অঞ্চলৰ মীন পালনৰ ইচ্ছূক নিবনুৱা পুৰুষ-মহিলাসকলক সংস্থাপনৰ এক বিকল্প পথ দেখুওৱা ৷ যিহেতু ভাৰতীয় থলুৱা মাগুৰমাছৰ বাণিজ্যিক ভাবে পোনা উৎপাদন অসমত এতিয়াও হোৱা নাই৷ সেয়েহে প্ৰশিক্ষণৰ জৰিয়তে ৰাইজক ইয়াৰ বাবে আগ্ৰহী কৰাটো অতি প্ৰয়োজন ৷ অতিকৈ পুষ্টিকৰ মাগুৰমাছৰ বাণিজ্যিক পোনা উৎপাদন কৰিব পাৰিলে এই মাছৰ অভাৱ পূৰণ হোৱাৰ সহায় হোৱাৰ লগতে অসমৰ জলাশয় তথা বজাৰৰ পৰা বিদেশী আক্ৰমাত্মক মাছ ( Invasive Species ) থাইলেণ্ড মাগুৰমাছ নোহোৱা হোৱাত সহায় হ’ব ৷

ড° ৰিমেন বৰদলৈয়ে কয় যে, "থলুৱা প্ৰজাতিৰ মাগুৰ মাছৰ সংখ্যা দিনকদিনে কমি গৈছে ৷ ইয়াৰ সংখ্যা বৃদ্ধিৰ বাবে কৃত্ৰিম প্ৰজননৰ প্ৰয়োজন হৈছে ৷ গতিকে প্ৰশিক্ষণটো সময়োপযোগী হৈছে ৷ বৰ্তমান সময়ত মাগুৰমাছৰ চাহিদা অধীক উৎপাদন নাই ৷ বজাৰৰ অভাৱ নোহোৱা মাগুৰমাছ কৃত্ৰিমভাৱে উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ ল'ব পাৰি৷"

প্ৰশিক্ষণটোত পুৰুষৰ সমানেই মহিলাই অংশগ্ৰহণ কৰা দেখি ড° বৰদলৈ অভিভূত হৈ পৰে ৷ অংশগ্ৰহণকাৰী সকলক প্ৰশিক্ষণৰ অন্তত প্ৰমাণপত্ৰৰ লগতে “ Ovafish” হৰম’ন অংশগ্ৰহণকাৰী সকলক প্ৰদান কৰা হয়; যাতে মীনপালক সকলে চলিত বৰ্ষৰ প্ৰজনন ঋতুতে নিজাববীয়াকৈ মাগুৰমাছৰ কৃত্ৰিম প্ৰজননৰ কাম-কাজ আৰম্ভ কৰিব পাৰে৷

গোলাঘাটত থলুৱা প্ৰজাতিৰ মাগুৰ মাছৰ কৃত্ৰিম প্ৰজনন কৌশলৰ প্ৰশিক্ষণ...
কাছাৰৰ বেঠুকান্দিত জলসম্পদ মন্ত্ৰী, বুজ ল'লে নিৰ্মীয়মাণ কামৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in