সন্মুখতেই ফুটব্ৰীজ, ৰাজপথ পাৰ হ'ব ৰেলিং জপিয়াই...

সন্মুখতেই ফুটব্ৰীজ, ৰাজপথ পাৰ হ'ব ৰেলিং জপিয়াই...

ডিজিটেল ডেস্ক : মহানগৰীৰ ফাঁচী বজাৰস্থিত অঞ্চলটো সদাব্যস্ত এলেকাসমূহৰ অন্যতম । কেৱল বজাৰেই নহয় বৰং ব্ৰহ্মপুত্ৰৰ সন্মুখৰ ৰাজপথটোত দিনটোৰ যিকোনো সময়তেই দেখা যায় এক ব্যস্ততা । তাৰেই মাজতেই কোনোবাই গন্তব্যস্থানলৈ যাবলৈ ৰাজপথতে গ‍াড়ী-মটৰ নোচোৱাকৈ লৰ দিয়ে আনটো পাৰলৈ । সেই বাবে এতিয়ালৈ সংঘটিত হৈছে বহু কেইটা দুৰ্ঘটনাও । তীব্ৰ বেগত অহা গাড়ী-মটৰ সমূহৰ খুন্দাত আঘাতপ্ৰাপ্তও হৈছে বহু লোক । কোনো এজন দুচকীয়া বাহন আৰোহীয়ে ট্ৰেফিকৰ মাজতেই হয়তো আনটো পাৰলৈ নিছে বাহন । ফলত কিছু সময়ৰ বাবে অন্য এক নতুন যান-জঁট ।

এই সকলোবোৰ ৰোধ কৰিবৰ বাবেই চৰকাৰে সেই অঞ্চলটোত দিছিল ওখ ডিভাইদাৰ আৰু ৰেলিঙৰ ব্যৱস্থা । যাতে কোনো সুবিধাবাদী লোকে সৃষ্টি কৰিব নোৱাৰে এনে পৰিস্থিতিৰ । কিন্তু তাৰ পাছতো অব্যাহত থাকিলে ৰেলিঙ বগাই অহা লোকৰ শাৰী । এইবাৰ সৃষ্টি হ'ল আন এক বিপদৰ । ৰেলিঙ বগাই যোৱা দুই একে গাড়ী-মটৰ নোচোৱাকৈ জপিয়াই ৰাজপথত । চৰকাৰে পুনৰ নিৰ্মাণ কৰিলে পদসেতু । কেইবা লক্ষাধিক টকীয়া এই প্ৰকল্পটোৰ ফলত আটকধুনীয়াকৈ তৈয়াৰ কৰা হ'ল এখন পদসেতু য'ত ছিৰিৰ ওপৰিও আছে এছকেলট'ৰৰ ব্যৱস্থা । যাতে কোনো লোকেই অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয় পদসেতুৰ ব্যৱহাৰত ।

কিন্তু তাৰ পাছতো শেষ নহ'ল ৰেলিং বগাই ৰাজপথত জপিওৱা লোকস সংখ্যা । বৰ্তমানো অব্যাহত আছে একেই প্ৰক্ৰিয়া । পদসেতুৰে পথ পাৰ হ'বলৈ কেইটামান মিনিটৰ হয়তো প্ৰয়োজন হ'ব পাৰে একোজন লোকক । কিন্তু তাৰ মূল্য জীৱনতকৈ অধিক হ'ব পাৰে জানো কাৰোবাৰ বাবে ? প্ৰশাসনে পদযাত্ৰীৰ সুবিধা কৰি দিয়াৰ পাছতো একেই ৰূপতেই ফাঁচী বজাৰ । এইবাৰ কিন্তু দোষী প্ৰশাসন নহয়, বৰং নাগৰিক হে ...

সন্মুখতেই ফুটব্ৰীজ, ৰাজপথ পাৰ হ'ব ৰেলিং জপিয়াই...
ভোটদান কৰেনে আদানী, আম্বানীৰ দৰে পুঁজিপতিয়ে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in