কেন্দ্রীয় কাৰাগাৰৰ নিচাযুক্ত দ্ৰব্যঃ নিলম্বিত হ'ল প্ৰহৰী...

এই অভিযোগত ইতিমধ্যেই নিলম্বন কৰা হৈছে কেন্দ্রীয় কাৰাগাৰখনৰ দুই প্রহৰীক।

author-image
Asomiya Pratidin
New Update
কেন্দ্রীয় কাৰাগাৰৰ নিচাযুক্ত দ্ৰব্যঃ নিলম্বিত হ'ল প্ৰহৰী...

ডিজিটেল ডেস্কঃ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসন সৰব হৈ থকাৰ সময়তে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত নিচাযুক্ত সামগ্ৰী কঢ়িওৱাৰ অভিযোগ। এই অভিযোগত ইতিমধ্যেই নিলম্বন কৰা হৈছে কেন্দ্রীয় কাৰাগাৰখনৰ দুই প্রহৰীক।

Advertisment

ঘটনা অনুসৰি জে’লৰ ভিতৰত প্রৱেশৰ সময়ত কৰা তালাচীত দুয়োৰে পৰা জব্দ কৰা হয় নিচাযুক্ত সামগ্রী। যাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই নিলম্বন কৰে দুয়োকে। নিলম্বিত দুই প্রহৰী হ'ল ৰাজু ঠাকুৰ আৰু টংকেশ্বৰ দাস। নিচাযুক্ত দ্ৰব্যৰ প্ৰতি সমগ্ৰ ৰাজ্যতে অভিযান চলাৰ সময়তে খোদ কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা এনে সামগ্ৰী উদ্ধাৰ কৰা ঘটনাত এতিয়া চিন্তিত সচেতন মহল।

Also Read: নিশা ব্যৱসায়ীক ছুৰিকাঘাতঃ দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা...

Guwahati Central Jail